কামপুৰ,6 জানুৱাৰীঃ কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস ৷ দক্ষিণ চাংচকীত বন্যহস্তীয়ে সন্ত্ৰাস চলাই ভড়ালসহ তিনিটাকৈ বাসগৃহ ভাঙি চূৰমাৰ কৰে ৷ বনকৰ্মীৰ বাসগৃহও ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকে ৷ ঠেটুৱৈ লগা জাৰতো নিশা হাতী খেদিবলৈ ওলাই আহিল ৰাইজ ৷ হাতত জোঁৰ লৈ টিং, বাচন বজাই হাতী খেদাৰ চেষ্টা গঞাঁ ৰাইজৰ ৷
কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস - কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস বাতৰি
বিগত এমাহৰ পৰা কামপুৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ এটা জাকে ৷ হাতীৰ জাকটোৱে গছ ভাঙি বিদ্যুৎ যোগান ব্যাহত কৰাৰ লগতে ভঁৰালৰ ধান আৰু কাটি আনি থোৱা ধান খাই যথেষ্ট ক্ষতিসাধন কৰে সাধাৰণ ৰাইজৰ ৷
কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস
উল্লেখ্য যে, বিগত এমাহৰ পৰা কামপুৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ এটা জাকে ৷ হাতীৰ জাকটোৱে গছ ভাঙি বিদ্যুৎ যোগান ব্যাহত কৰাৰ লগতে ভঁৰালৰ ধান আৰু কাটি আনি থোৱা ধান খাই যথেষ্ট ক্ষতিসাধন কৰে সাধাৰণ ৰাইজৰ ৷ বনকৰ্মী কিৰণ হাজৰিকাৰ বাসগৃহও লণ্ডভণ্ড কৰে হাতীৰ জাকটোৱে ৷