বঢ়মপুৰ,1জুলাইঃ নগাঁও জিলাৰ কামপুৰত ক'ৰণা আক্ৰান্ত ৰোগীক লৈ চাঞ্চল্যই বিৰাজ কৰিছে ৷ পৰিস্থিতি গণ সংক্ৰমণৰ দিশে যোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷ অভিনৱ প্ৰকাশ নাথ নামৰ কোভিড-19 পজিটিভ ৰোগী জনক লৈ কামপুৰত আতংক ৷ তিনিদিন ধৰি কামপুৰ বজাৰত ঘুৰি ফুৰা পাছতো স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ ৷
ক'ৰণা আক্ৰান্ত ৰোগীক লৈ চাঞ্চল্য - গণ সংক্ৰমনৰ দিশে যোৱাৰ আশংকা
কামপুৰত কোভিড-19 পৰিস্থিতি গণ সংক্ৰমণৰ দিশে যোৱাৰ আশংকা প্ৰকাশ স্থানীয় ৰাইজৰ ৷
![ক'ৰণা আক্ৰান্ত ৰোগীক লৈ চাঞ্চল্য kampur corona situation critical conditaion public pradicson comunity spred](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7846566-311-7846566-1593600827130.jpg)
ক'ৰণা আক্ৰান্ত ৰোগীক লৈ চাঞ্চল্য
ক'ৰণা আক্ৰান্ত ৰোগীক লৈ চাঞ্চল্য
তাৰ পৰিপ্ৰেক্ষিতত সাত দিন কামপুৰ বন্ধ বিচাৰি ৰাজহ চক্ৰ বিষয়াক স্মাৰত পত্ৰ প্ৰদান বিভিন্ন দল সংগঠনে লগতে সমগ্ৰ অঞ্চলটোত চেনিটাইজ কৰিবলৈ আহ্বান জনায় প্ৰশাসনক ৷ ইপিনে বুধবাৰে পুৱা স্থানীয় লোকৰ তৎপৰতাত নগাঁৱৰ কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে যুৱক জনক ৷
লগতে পঢ়কঃ দিল্লীত ৪৩৬ টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ'নৰ সংখ্যা