অসম

assam

ETV Bharat / state

উত্তৰাখণ্ডত সন্ধানহীন কামপুৰৰ ২ জন যুৱক - কমল দাস আৰু অমৰজ্যোতি দাস

এতিয়াও শুং-সূত্ৰ ওলোৱা নাই জল প্ৰলয়ৰ সময়তে উত্তৰাখণ্ডত সন্ধানহীন হোৱা অসমৰ ৩ জন যুৱকৰ । নগাঁৱৰ কামপুৰৰ দুই ভাতৃ কমল দাস আৰু অমৰজ্যোতি দাসৰ লগতে নিৰুদ্দেশ হৈ আছে সুশান্ত নামৰ আন এজন লোক। পুত্ৰৰ শোকত কান্দি কান্দি ব্যাকুল হৈ পৰিছে কমল দাস আৰু অমৰজ্যোতি দাসৰ মাতৃ ।

উত্তৰাখণ্ডত সন্ধানহীন কামপুৰৰ ২ জন যুৱক
উত্তৰাখণ্ডত সন্ধানহীন কামপুৰৰ ২ জন যুৱক

By

Published : Feb 8, 2021, 7:14 PM IST

বঢ়মপুৰ,৮ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডত সন্ধানহীন হোৱা কমল দাস আৰু অমৰজ্যোতি দাসৰ কামপুৰৰ উত্তৰ চাংচকীস্থিত বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । পুত্ৰৰ খবৰ নাপাই অসহায় হৈ পৰিছে অকলশৰীয়া মাতৃ । উত্তৰাখণ্ডত জলপ্ৰলয় হোৱাৰ সময়তে সন্ধানহীন হৈছিল কমল দাস আৰু অমৰজ্যোতি দাস । একেখন ঘৰৰে দুই ভাতৃ নিৰুদ্দেশ হোৱাৰ ঘটনা দেওবাৰে পোহৰলৈ অহাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বৰ্তমানলৈকে সন্ধান ওলোৱা নাই ভাতৃদ্বয়ৰ ।

কোনো খবৰ লাভ নকৰাত শংকিত হৈ পৰিছে পৰিয়ালৰ সদস্যসকল । জানিব পৰা মতে, উত্তৰাখণ্ডত কৰ্মৰত হৈ আছিল কামপুৰৰ উত্তৰ চাংচকীৰ দুই ভাতৃ ১৯ বছৰীয়া অমৰজ্যোতি দাস আৰু ২৯ বছৰীয়া কমল দাস । ৪ বছৰ পূৰ্বে কামপুৰৰ উত্তৰ চাংচকীৰ কমল দাসে এটা ব্যক্তিগত প্ৰতিষ্ঠানত সুৰক্ষা কৰ্মী হিচাপে কাম কৰিবলৈ উত্তৰাখণ্ডলৈ গৈছিল । পৰৱৰ্তী সময়ত কমল দাসৰ ভাতৃ অমৰজ্যোতি দাস লক ডাউনৰ পূৰ্বে উত্তৰাখণ্ডলৈ গৈছিল । তেতিয়াৰে পৰা তেওঁলোক ঘৰলৈ ঘূৰি অহা নাছিল ।

উত্তৰাখণ্ডত সন্ধানহীন কামপুৰৰ ২ জন যুৱক

সন্ধানহীন হৈ থকা কমল দাস এটি পাঁচমহীয়া সন্তানৰ পিতৃ । দেওবাৰে পুৱা তেওঁলোক কৰ্মৰত হৈ থকা প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই পৰিয়ালৰ লোকক ফোন যোগে যুৱক দুজন সন্ধানহীন হোৱা বুলি জনাইছিল । পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । দুয়ো পুত্ৰ সন্ধানহীন হোৱাৰ খবৰ পোৱাৰ পিছতে পিতৃহীন যুৱকদ্বয়ৰ মাতৃ সংজ্ঞাহীন হৈ পৰে । উল্লেখযোগ্য যে, উত্তৰাখণ্ডত হোৱা জল প্ৰলয়ে ভয়াৱহ বিপদ মাতি আনিছে বহুতৰে জীৱনলৈ । উত্তৰাখণ্ডৰ স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ১৫০ জনৰো অধিক লোকক জীৱন্তে উটুৱাই নিছে কোবাল সোঁতে ৷ হিমস্খলনৰ ফলত চাম'লী জিলাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ অসমৰ যুৱকদ্বয়কো পানীয়ে উটুৱাই নিছে বুলি আশংকা কৰিছে স্থানীয় লোকে ।

আনহাতে, এই যুৱক দুজনৰ সৈতে হোজাই জিলাৰ কাকীৰ সুশান্ত নামৰ আন এজন যুৱক একেলগে আছিল । সেইগৰাকী যুৱকো বৰ্তমান সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । সুশান্ত নামৰ যুৱকজন কমল দাসৰ খুলশালী বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । প্ৰাপ্ত খবৰ অনুসৰি, কমল দাস আৰু অমৰজ্যোতি দাসে উত্তৰাখণ্ডত থকা ঘৰটোত দুৰ্ঘটনাৰ সময়ত ২১জন লোক আছিল । কোবাল সোঁতে তেওঁলোক থকা বাসগৃহতো উটুৱাই নিয়া বুলিও পৰিয়ালৰ লোকক যুৱক দুজনে কাম কৰা প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষ‌ই জানিবলৈ দিছে । সন্ধানহীন যুৱক দুজনৰ পৰিয়ালৰ লোকে যুৱক দুজনক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক: বিশ্বনাথ আৰক্ষীৰ অভিযানত আটক চোৰাং গৰুসহ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details