বঢ়মপুৰ,20নৱেম্বৰঃ এইবাৰ কৃষি বিভাগে যোগান ধৰা বীজ লৈ খেতি কৰি বিপদত পৰিছে বহু কৃষক ৷ এই কাণ্ড সংঘটিত হৈছে কামপুৰ চাংচকীত ৷ নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰ পৰা যোগান ধৰা উন্নত জাতৰ ধানৰ বীজেৰে খেতি ক এতিয়াৰি মুৰে কপাঁলে হাত দিছে কৃষক সকলে ৷ আঘোনৰ পথাৰত সোনালী ধানে হালি জালি থকা সময়তো কৃষি বিভাগে যোগান ধৰা বীজৰ আজিকোপতি ধৰা নাই সজাল ৷ যাৰ বাবে দিগবিদিগ হেৰুৱাই মুৰে কপালে হাত দিছে কৃষক সকলে ৷
কৃষি বিভাগৰ বীজ লৈ খেতি কৰি বিপদত পৰিছে কামপুৰৰ বহু কৃষক - মুৰে কপাঁলে হাত দিছে
নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা উন্নত জাতৰ ধানৰ বীজৰ খেতি কৰি মুৰে কপাঁলে হাত দিছে কৃষক সকলে ৷ আঘোনৰ পথাৰত সোনালী ধানে হালি জালি থকা সময়তো কৃষি বিভাগে যোগান ধৰা বীজৰ আজিকোপতি ধৰা নাই সজাল ৷ যাৰ বাবে দিগবিদিগ হেৰুৱাই মুৰে কপালে হাত দিছে কৃষক সকলে ৷
জানিব পৰা মতে বানে ধোৱা ৰহা সমষ্টিৰ কামপুৰ চাংচকী গাঁৱৰ বহু কৃষকক নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰ পৰা উন্নত জাতৰ ধানৰ বীজ যোগান ধৰিছিল ৷ এটা বছৰতে সাত বাৰকৈ বানে জুৰুলা কৰাৰ পাছতো কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা উন্নত জাতৰ বীজৰ শালি ধানৰ আজিকোপতি সজালেই নধৰিলে ৷ অতি কষ্টৰে কৰা খেতি দৰা দেখি এতিয়া মূৰে কপাঁলে হাত দিব লগা হৈছে কৃষক সকলে। এতিয়া প্ৰশ্ন হয়, দুখীয়া নিচলা কৃষক সকলৰ লগত হেতালি খেলা বন্ধ কৰিব নে কৃষি বিভাগে ? কেতিয়া সজাগ আৰু সচেতন হ’ব ৰাজ্যৰ কৃষি বিভাগে ?
লগতে পঢ়কঃ মাতৃৰ অন্তিম সৎকাৰৰ প্ৰাকক্ষণত মৃত্যুক সাৱতিলে পুত্ৰই