অসম

assam

সংকটত কেশৱ মহন্তৰ বিধায়ক পদ

By

Published : Jan 12, 2021, 10:02 PM IST

কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱন প্ৰাংগনত অনুষ্ঠিত বিজেপিৰ কলিয়াবৰ বিধান সভা সমষ্টিৰ সাধাৰণ সভাত আগন্তুক নিৰ্বাচনত দলটোৱে নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী উত্থাপন কৰে ৷ এই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষক এক স্মাৰক পত্ৰ প্ৰেৰণৰো সিদ্ধান্ত দলটোৰ কৰ্মীসকলৰ ৷

As_KLBR_bjp-demands-lok-sabha-seat-at-kaliyabor_img_ASC10014
সংকটত কেশৱ মহন্তৰ বিধায়ক পদ

কলিয়াবৰ,12 জানুৱাৰী :কলিয়াবৰত কেশৱ মহন্তৰ অংকত ক্ৰমান্বয়ে জটিলতাৰ সৃষ্টি কৰিছে মিত্ৰ দল বিজেপিয়ে ৷ বিজপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই অসম ভ্ৰমণ সামৰি দিল্লী অভিমুখে যাত্ৰা কৰাৰ সময়তেই কলিয়াবৰ সমষ্টিত নিজ দলৰ প্ৰাৰ্থী বিচাৰি সৰৱ হ'ল কলিয়াবৰৰ বিজেপিৰ দলীয় কৰ্মী ৷ মঙলবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ এক সভাত মিত্ৰজোঁটৰ বিধায়ক কেশৱ মহন্তৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি আগন্তুক নিৰ্বাচনত নিজৰ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী তোলে বিজেপিৰ দলীয় কৰ্মীসকলে । মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি মন্ত্ৰীত্ব লাভ কৰা কেশৱ মহন্তই বিগত সময়ছোৱাত বিজেপিৰ দলীয় কৰ্মীক উপেক্ষা কৰাৰ অভিযোগ সমষ্টিটোৰ বিজেপিৰ কৰ্মীসকলৰ ৷

কলিয়াবৰ বিজেপিৰ সভা

কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱন প্ৰাংগনত অনুষ্ঠিত বিজেপিৰ কলিয়াবৰ বিধান সভা সমষ্টিৰ সাধাৰণ সভাত আগন্তুক নিৰ্বাচনত দলটোৱে নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী উত্থাপন কৰে ৷ এই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষক এক স্মাৰক পত্ৰ প্ৰেৰণৰো সিদ্ধান্ত দলটোৰ কৰ্মীসকলৰ ৷ কলিয়াবৰত মিত্ৰতাত ফাঁট মেলিলে আগন্তুক নিৰ্বাচনত কেশৱ মহন্ত শ'লঠেকত পৰাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে ৷ এনে এক পৰিস্থিতিত কলিয়াবৰত অগপৰ ভেটি থৰক-বৰক হোৱাৰ সম্ভাৱনাই অধিক। অগপ নেতা কেশৱ মহন্তৰ বিৰুদ্ধে বিদ্রোহৰ আৰম্ভণি কৰি এইবেলি মিত্র দল অগপক কোনো পধ্যেই আসন এৰি নিদিয়াৰ দাবী বিজেপিৰ ৷ আনহাতে, প্ৰাৰ্থীত্ব দাবী কৰিলেও, বিজেপি দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ কোন সেই বিষয়টো এতিয়াও নিশ্চিত কৰিব নোৱাৰা দলটোৱে কেনেকৈ সমাগত বিধান সভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ'ব সেইটো তাৎপৰ্য‍পূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক-অসম আৰক্ষীক প্ৰশংসা পৰিৱেশবিদ তথা ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ

ABOUT THE AUTHOR

...view details