অসম

assam

By

Published : Dec 30, 2020, 5:08 PM IST

ETV Bharat / state

কলিয়াবৰত চোৰৰ বিলৈ

দোকানত লুট-পাত চলোৱাৰ উদ্দেশ্যেৰে দোকানৰ দৰ্জাৰ তিনিটাকৈ তলা ভাঙিছিলহে । হঠাতে সন্মুখত ওলাল আৰক্ষী । চুৰিকাণ্ড সংঘটিত কৰাৰ পৰিৱৰ্তে ৰঙাঘৰত সোমাবলগীয়া হ'ল দুই গভাইত চোৰ ।

কলিয়াবৰত আৰক্ষীৰ জালত দুই চোৰ
কলিয়াবৰত আৰক্ষীৰ জালত দুই চোৰ

কলিয়াবৰ, ৩০ ডিচেম্বৰ: কলিয়াবৰত সংঘটিত হৈছে ইটোৰ পিছত সিটো চুৰিকাণ্ড । সাধাৰণ লোকৰ সাঁচতীয়া ধন, আ-অলংকাৰ লুটি নি হাৰাশাস্তি ভোগাই আহিছে চোৰে । কিন্তু এইবাৰ হাতে-লোটে কৰায়ত্ত হ'ল দুই গভাইত চোৰ । মঙলবাৰে নিশা কলিয়াবৰত হাতীগাঁৱত বিমল ডেকা নামৰ ব্যক্তিজনৰ দোকানত লুট-পাত চলোৱাৰ উদ্দেশ্যেৰে গৈছিল দুটা চোৰ ।

কলিয়াবৰত আৰক্ষীৰ জালত দুই চোৰ

বাইকেৰে যোৱা চোৰ দুটাই বিমল ডেকাৰ ঘৰৰ পদূলিতে বাইক থৈ দোকানৰ তলা ভঙাত ব্যস্ত হৈ পৰে । দোকানৰ দৰ্জাৰ তিনিটা তলা ভঙাৰ পিছতে কলিয়াবৰ থানাৰ তহলদাৰী আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু চোৰ দুটাক আটক কৰে । ধৃত চোৰ দুটা ৰূপহীৰ পদুম দাস আৰু পংকজ দাস । চোৰ দুটাৰ পৰা আৰক্ষীয়ে এ এছ ১২ এফ ০৪৩২ নম্বৰৰ এখন বাইক জব্দ কৰে ।

আনহাতে, ন‍্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি কলিয়বৰ আৰক্ষীয়ে এই বিষয়ত বিতং তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । বিগত কিছুদিন ধৰি কলিয়াবৰৰ বিভিন্ন স্থানত চুৰিকাণ্ড সংঘটিত হৈ আছে । দোকানৰ স্বত্বাধিকাৰী বিমল ডেকাই প্ৰকাশ কৰা মতে, পূৰ্বেও হাতীগাঁৱৰ কেইবাখনো ঘৰত চোৰে লুট-পাত চলাইছে ।

লগতে পঢ়ক:বাইহাটা চাৰিআলিত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ

ABOUT THE AUTHOR

...view details