অসম

assam

ETV Bharat / state

প্ৰকৃতিপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শনঃ যুৱকৰ তৎপৰতাত ৰক্ষা পৰিল বগলী - ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌

পৰিৱেশ কৰ্মী তথা ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌ৰ কৰ্মী দেৱশীষ কাকতিৰ বগলীৰ প্ৰাণ ৰক্ষাৰ এক ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই কলিয়াবৰ আৰক্ষী আৰু বন বিভাগৰ সহযোগত বগলীটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ মহকুমাধিপতি বিতুপন নেওগৰ উদ্যোগত মহকুমা প্ৰশাসনে সম্বৰ্ধনা জনায় দেৱাশীষক ৷

কলিয়াবৰত প্ৰকৃতিপ্ৰেমীৰ উৎকৃষ্ট নিদৰ্শন

By

Published : Oct 18, 2019, 9:19 AM IST

কলিয়াবৰ, 18 অক্টোবৰঃ কলিয়াবৰৰ পক্ষীতীৰ্থ জয়সাগৰ দলনীত দুষ্কৃতিকাৰীৰ বগলী নিধনৰ চেষ্টা ৷ আঘাটপ্ৰাপ্ত বগলীটোক উদ্ধাৰৰ ভিডিঅ’ ছোছিয়েল মিডিয়াত ভাইৰেল কৰিছিল এজন প্ৰকৃতিপ্ৰেমীয়ে ৷ যি ভিডিঅ’ প্ৰচাৰ পিছতেই তৎপৰ হৈ পৰিছে বন বিভাগৰ লগতে বিভিন্ন প্ৰকৃতি প্ৰেমী ৷ পৰিৱেশ কৰ্মী তথা ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌ৰ কৰ্মী দেৱশীষ কাকতিৰ এই ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই কলিয়াবৰ আৰক্ষী আৰু বন বিভাগৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বগলীটো ৷ মহকুমাধিপতি বিতুপন নেওগৰ উদ্যোগত মহকুমা প্ৰশাসনে এই কাৰ্যৰ বাবে সম্বৰ্ধনা জনায় দেৱাশীষক ৷

প্ৰকৃতিপ্ৰেমীৰ উৎকৃষ্ট নিদৰ্শন

উল্লেখ্য যে, কলিয়াবৰৰ জয়সাগৰ দলনী বহু পৰিভ্ৰমী পক্ষীৰ ভ্ৰমণস্থলী ৷ শীতৰ আগমণৰ লগে-লগে প্ৰতি বছৰে হাজাৰ-হাজাৰ পৰিভ্ৰমী চৰায়ে ভিৰ কৰেহি ৷ প্ৰকৃতিপ্ৰেমী বেচৰকাৰী অনুষ্ঠান "ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেলচ্"এ "ডব্লিউ ডব্লিউ এফ"ৰ সহযোগত জয়সাগৰ দলনীক প্ৰায় শতাধিক পক্ষীৰ বাসস্থান ৰূপে আৱিস্কাৰ কৰা হৈছে ৷ যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমী চৰাই ৷ বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনী কলিয়াবৰৰ এক পৰ্য‍টন ক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল হিচাপে গঢ় দিছে ৷ কিন্তু কিছুসংখ্যক দুষ্কৃতিকাৰীৰ পক্ষী নিধন আৰু ভূমি বেদখলৰ ফলত সম্প্ৰতি ভাৱুকি আহিছে এইসমূহ পৰিভ্ৰমী চৰাইলৈ ৷ এনেক্ষেত্ৰত ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেলচ্ প্ৰতিষ্ঠানটো আৰু তাৰ সদস্য দেৱশীষ কাকতিৰ এই পদক্ষেপক আদৰণি জনাইছে সমূহ কলিয়াবৰবাসীয়ে ৷

ABOUT THE AUTHOR

...view details