কলিয়াবৰ,৬ জানুৱাৰী :সোণালী সূতাৰ দেশ হিচাপে পৰিচিত অসমত এতিয়া ৰেচম শিল্পৰ প্ৰতি কোনো গুৰুত্ব নাই ৰজাঘৰীয়াৰ (Negligence of Sericulture Department)। একাংশ বিষয়াৰ গা এৰা মনোভাৱৰ বাবেই ৰাজ্যত মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে ৰেচম বিভাগৰ । বিভাগীয় বিষয়াৰ গুৰুত্বহীনতাৰ বাবেই ধ্বংসৰ গৰাহত কলিয়াবৰৰ তিনিখনকৈ চৰকাৰী ৰেচম পাম ।
এসময়ত অসমবাসীয়ে গৌৰৱ কৰা ৰেচম শিল্পৰ এতিয়া শ্মশান যাত্ৰা আৰম্ভ হৈছে ! এয়া আমি কোৱা নাই । সাম্প্ৰতিক পৰিৱেশে এই কথা স্পষ্ট কৰিছে । বিশেষকৈ নগাঁও জিলাৰ কলিয়াবৰৰ ৰেচম বিভাগৰ দুৰৱস্থা দেখিলে আপুনিও আচৰিত হ'ব । বিভাগৰ কাৰ্যালয়ৰ ফলক আছে, কিন্তু তাত আপুনি কোনো বিষয়াকে নাপাব । কলিয়াবৰ ৰেচম অধীক্ষকৰ কাৰ্যালয়ৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে কৃষকসকলক (Government silk farms in Kaliabor in crisis)। কিয়নো এখন ফলকতে আৱদ্ধ ৰেচম অধীক্ষকৰ সকলো কাম-কাজ ।
কলিয়াবৰৰ নলতলিত অৱস্থিত মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰৰ সমীপতে এখন ফলক আঁৰি থোৱা হৈছে । কিন্তু ৰেচম অধীক্ষকৰ কাৰ্যালয় অথবা ৰেচম অধীক্ষক নিৰূপম ৰয় চৌধুৰীক তাত আপুনি বিচাৰিও নাপায় । কাগজে-কলমেহে আছে কলিয়াবৰৰ ৰেচম অধীক্ষকৰ কাৰ্যালয়টো । কাৰ্যক্ষেত্ৰত বছৰটোত মাত্ৰ দুই-চাৰি দিন ৰেচম পামত দেখা দিয়েই দায়িত্ব সামৰে কলিয়াবৰৰ ৰেচম অধীক্ষক নিৰূপম ৰয় চৌধুৰীয়ে । এই অভিযোগ ৰেচন শিল্পৰ লগত জড়িত কৃষকসকলৰ ।