অসম

assam

ETV Bharat / state

New chief secretary of Assam, পৱন কুমাৰ বৰঠাকুৰক লৈ গৌৰৱান্বিত কলিয়াবৰবাসী, শিক্ষাগুৰুৱেও প্ৰকাশ কৰিলে আনন্দ - Kaliabor residents proud of Paban Borthakur

ৰাজ্যৰ নতুন মুখ্য সচিব হিচাবে নিযুক্তি দিলে লাভ কৰিলে জ্যেষ্ঠ IAS বিষয়া পৱন কুমাৰ বৰঠাকুৰে (Paban Kumar Borthakur) ৷ ১৯৮৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন কুমাৰ বৰঠাকুৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব ৩১ আগষ্টত।

IAS Paban Kumar Borthakur
পৱন কুমাৰ বৰঠাকুৰক লৈ গৌৰৱান্বিত কলিয়াবৰবাসী

By

Published : Aug 12, 2022, 10:40 PM IST

Updated : Aug 13, 2022, 11:17 AM IST

কলিয়াবৰ, 18 আগষ্ট: উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তৃতীয় আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সপ্তম স্থান দখল প্ৰশ্নাতীত মেধাৱী ছাত্ৰজন হ’ব পৰৱৰ্তী মুখ্য সচিব ৷ দেশৰ ভিতৰতে সপ্তদশ স্থান লাভ কৰা ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন কুমাৰ বৰঠাকুৰৰ(Paban Kumar Borthakur) এই প্ৰাপ্তিত সুখী কলিয়াবৰবাসী ৷

জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন কুমাৰ বৰঠাকুৰক ৰাজ্য চৰকাৰে ৰাজ্যৰ নতুন মুখ্য সচিব হিচাবে নিযুক্তি দিয়াৰ বাতৰিয়ে আনন্দৰ বতৰা কঢ়িয়াই আনিছে কলিয়াবৰলৈ । ১৯৮৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন কুমাৰ বৰঠাকুৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ(IAS Paban Kumar Borthakur) স্থলাভিষিক্ত হ’ব ৩১ আগষ্টত । উল্লেখ্য, ৩১ আগষ্টত জিষ্ণু বৰুৱাই(Chief Secretary Jishnu Barua) অৱসৰ গ্ৰহণ কৰিব মুখ্য সচিব পদৰ পৰা ।

দক্ষ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰৰ জন্ম হৈছিল কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা গাঁৱত । তেওঁৰ পিতৃ প্ৰয়াত ৰমাকান্ত বৰঠাকুৰ আৰু মাতৃ প্ৰয়াত মহেশ্বৰী বৰঠাকুৰ । কামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি ১৯৭৯ চনত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । অত্যন্ত মেধা ছাত্ৰ পৱন কুমাৰ বৰঠাকুৰে বৰ্তমানৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাটৰ পৰা উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।

সেই বছৰেই প্ৰথম বাৰৰ বাবে অসমৰ ভিতৰতে তেওঁ গণিত বিষয়ত লাভ কৰিছিল সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰে । পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা বিজ্ঞান শাখাত অধ্যয়ন কৰি ১৯৮২ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁ অসমৰ ভিতৰতে সপ্তম স্থান লাভ কৰে । ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ দিল্লীৰ ছে'ন্ট ষ্টেফেন্স কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত সন্মান সহকাৰে স্নাতক পৰ্যায়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সোণৰ পদক লাভ কৰিছিল ।

পৱন কুমাৰ বৰঠাকুৰক লৈ গৌৰৱান্বিত কলিয়াবৰবাসী

পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভেৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । সেইবছৰেই কৃতী ছাত্ৰ হিচাবে ছেন্টিনেৰী বঁটা লাভ কৰিছিল । অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা স্ক’লাৰশ্বিপ লাভ কৰা পৱন কুমাৰ বৰঠাকুৰে ১৯৮৯ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাবে যোগদান কৰে । তেওঁ চিভিল চাৰ্ভিছ পৰীক্ষাত দেশৰ ভিতৰতে পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয় লৈ ১৭ সংখ্যক স্থান দখল কৰিছিল ।

এইগৰাকী পৱন কুমাৰ বৰঠাকুৰকে ৰাজ্যৰ মুখ্যসচিব(Chief Secretary of Assam) হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে । ১১ আগষ্ট, বৃহস্পতিবাৰে এক নিৰ্দেশনাৰ জৰিয়তে জ্যেষ্ঠ আই এ এছ বিষয়াগৰাকীক এই নিযুক্তি প্ৰদান কৰা হৈছে । অৱশ্যে ১ ছেপ্তেম্বৰতহে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব । বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ কাৰ্যকাল শেষ হ’ব ৩১ আগষ্টত । কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পৱন কুমাৰ বৰঠাকুৰক পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ হিচাবে পোৱা দিলীপ কুমাৰ হাজৰিকাৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষা নৱনীতা দ'লবৰুৱাই আনন্দ প্ৰকাশ কৰে ।

লগতে পঢ়ক:Maitri Setu Bridge: ডিচেম্বৰৰ ভিতৰত ভাৰত-বাংলা মৈত্ৰী সেতু কাৰ্যকৰী হ'ব

Last Updated : Aug 13, 2022, 11:17 AM IST

ABOUT THE AUTHOR

...view details