কলিয়াবৰ, 25 নৱেম্বৰঃ সন্ধানহীন কেৰালাত কৰ্মৰত কলিয়াবৰৰ এজন লোক ৷ কলিয়াবৰৰ কটীয়া চাপৰিৰ মন্টু বৰা নামৰ ৫৩ বছৰীয়া লোকজনে বিগত ৮ বছৰ ধৰি কেৰালাৰ FAB নামৰ এটা মৎস্য কোম্পানীত কাম কৰি দৰিদ্ৰ পৰিয়ালটো পোহপাল দি আহিছিল ৷ কিছুদিন পূৰ্বে ঘৰলৈ মন্টু বৰা ১৪ নৱেম্বৰ দিনা পুনৰ কেৰালালৈ বুলি ঘৰৰপৰা ৰাওনা হয় ৷ ১৫ নৱেম্বৰ দিনা কেৰালাৰ ট্ৰেইনত উঠা বুলি পত্নীক ফোনযোগে জনায় লোকজনে ৷ তেখেতৰ মোবাইলত চাৰ্জ শেষ হোৱাৰ বাবে মন্টু বৰাই ট্ৰেইনৰ এজন যাত্ৰীৰ মোবাইল ফোনৰ দ্বাৰা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিছিল ৷
সন্ধানহীন কেৰালাত কৰ্মৰত কলিয়াবৰৰ মন্টু বৰা
১৫ নৱেম্বৰৰ পিছৰ পৰা সন্ধানহীন হৈ আছে কেৰালাত কৰ্মৰত কলিয়াবৰৰ মন্টু বৰা ৷ পৰিয়ালৰ লোকে উলুৱনী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই মন্টু বৰাৰ ৷ যদি কোনো সদাশই লোকে মন্টু বৰাৰ সম্ভেদ পাই তেন্তে ৮৬৩৮৯২৮৬১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ৷
উল্লেখ্য যে, ঘৰৰ পৰা ৰাওনা হোৱাৰ তিনিদিনলৈকে মন্টু বৰাই কোম্পানীত উপস্থিত নোহোৱাত কোম্পানীৰ কৰ্তৃপক্ষই তেখেতৰ পত্নীক ফোনযোগে এই কথা জনায় ৷ আনহাতে, মন্টু বৰাৰ পত্নীয়ে তেখেতলৈ ফোন কৰা নম্বৰলৈ ফোন কৰি মন্টু বৰাই ভুল ক্ৰমে কেৰালাৰ ট্ৰেইনৰ সলনি দিল্লী অভিমুখী ট্ৰেইনত উঠাৰ তথ্য লাভ কৰে ৷ লগতে যাত্ৰীজনে জনায় যে, তেওঁ গাজিয়াবাদত নমালৈকে মন্টু বৰা উক্ত ট্ৰেইনখনতে আছিল ৷ ১৫ নৱেম্বৰৰ পিছৰ পৰা আজি পৰ্যন্ত মন্টু বৰাৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়াল তথা কেৰালাৰ FAB কোম্পানীৰ কৰ্তৃপক্ষই ৷ পৰিয়ালৰ লোকে উলুৱনী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়েও কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই মন্টু বৰাৰ ৷ অৱশেষত অসহায় মাতৃ কন্যাকে ধৰি পৰিয়ালৰ লোক সকলে মন্টু বৰাৰ উদ্ধাৰৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপে ৷ যদি কোনো সদাশয় লোকে মন্টু বৰাৰ সম্ভেদ পায় তেন্তে ৮৬৩৮৯২৮৬১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ৷