কলিয়াবৰ, 31 ডিচেম্বৰঃ খহনীয়া পীড়িত বৰঘূলীৰ খহনীয়া ৰোধৰ চেষ্টা প্ৰসহনত পৰিণত হৈছে। এই অভিযোগ বৰঘূলীবাসীৰ। কলিয়াবৰত ব্ৰহ্মপুত্ৰ গাইড-বান্ধ নিৰ্মাণৰ নামত চলা ব্যাপক দুৰ্নীতিৰ ভয়ানক ছবি। কলিয়াবৰৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। ঠিকাদাৰে নিম্নমানৰ জিঅ' বেগ ব্যৱহাৰ কৰা অভিযোগ। বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে এশ বছৰৰ নিশ্চয়তা দিয়া জিঅ' বেগ অৱস্থা দেখিলে চকু কপালত উঠিব সকলোৰে। কম্বলতকৈ নিমজ জিঅ' বেগ ব্যৱহাৰ কৰা কাৰ্যত ক্ষোভিত বৰঘূলীৰ নৈপৰীয়া ৰাইজ। তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত ব্যৱহাৰ কৰা লাখ-লাখ জিঅ'বেগৰ ৮০ শতাংশই নিম্নমানৰ বুলি দাবী স্থানীয় ৰাইজৰ। ঠিকাদাৰৰে গোপন বুজাবুজি কৰি জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে গাইড-বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ।
জল সম্পদ মন্ত্ৰীৰ সমষ্টিতে বান্ধ নিৰ্মাণত ঠিকাদাৰৰ মইমতালি
বিগত বাৰিষাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল বৰঘূলী অঞ্চলৰ বৃহৎ কৃষি বান্ধটো। যাৰ ফলত হাজাৰ বিঘা কৃষিভূমি, ভেটি-মাটি, ঘৰ-দুৱাৰ, বিদ্যালয় জাহ যায় ব্ৰহ্মপুত্ৰৰ খহনীয়াত।
উল্লেখযোগ্য যে, বিগত বাৰিষাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল বৰঘূলী অঞ্চলৰ বৃহৎ কৃষি বান্ধটো। যাৰ ফলত হাজাৰ বিঘা কৃষিভূমি, ভেটি-মাটি, ঘৰ-দুৱাৰ, বিদ্যালয় জাহ যায় ব্ৰহ্মপুত্ৰৰ খহনীয়াত। সম্প্ৰতি জলসম্পদ বিভাগে অঞ্চলটোত আৰম্ভ কৰিছে প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণৰ কাম। কিন্তু এই নিৰ্মাণকাৰ্যত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় লোকৰ। সেয়েহে জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণৰ কামত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ স্থানীয় বিধায়ক বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক আহ্বান জনাইছে স্থানীয় লোকে।