অসম

assam

ETV Bharat / state

বান সাহায্যৰ পৰা বঞ্চিত কলিয়াবৰৰ বানাক্ৰান্ত!

আনহাতে ৪৯৪৮টা পৰিয়ালক মুঠ ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ 100 টকাৰ মঞ্জুৰী প্ৰদান কৰা হৈছিল যদিও বানত ক্ষতিসাধন হোৱা বহু পৰিয়ালৰ বিপৰীতে বানে ক্ষতি নকৰা লোককহে এই মঞ্জুৰী পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয় । বানত সৰ্বস্ব হেৰুওৱা লোকে দুই-তিনি হাজাৰ টকাৰ বিপৰীতে কোনো ক্ষতি নোহোৱা বহু লোকে সৰ্বোচ্চ পঞ্চানব্বৈ হাজাৰ পৰ্যন্ত টকা লাভ কৰাক লৈ কলিয়াবৰীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । আনকি প্ৰতিবাদী ৰাইজে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰৰ বাসগৃহও ঘেৰাও কৰে ৷

By

Published : Aug 13, 2019, 11:28 PM IST

কলিয়াবৰৰ বানাক্ৰান্ত

কলিয়াবৰ, 13 আগষ্টঃ কলিয়াবৰৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী কলংমূখৰ মথাউৰি চিঙি সৃষ্টি হোৱা প্ৰলয়ংকৰী বানৰ সাহায্যৰ পৰা আজিও বঞ্চিত বানাক্ৰান্ত ৷ ২০১৭ বৰ্ষৰ আগষ্টৰ বিধ্বংসী বানপানীৰ এবছৰ সম্পূৰ্ণ হ'বলৈ মাজত মাথো চাৰিটা দিন থাকোতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গৃহ সমষ্টি কলিয়াবৰৰ এখন সভাত চৰকাৰী সাহায্যৰ নামত বিতৰণ কৰিছিল কেইখনমান ডেম' চেক আৰু বান সাহায্যৰ মঞ্জুৰি পত্ৰ। কিন্তু বানাক্ৰান্তৰ হিতাধিকাৰীৰ তালিকাত ব্যাপক খেলি-মলি আৰু স্বজন-তোষণৰ অভিযোগত সমগ্ৰ কলিয়বৰতে তুমূল প্ৰতিবাদ সৃষ্টি হোৱাত সেই তালিকা বাতিল কৰিব লগীয়া হয়। প্ৰথম অৱস্থাত চৰকাৰে ঘোষণা কৰা সাহায্য প্ৰায় ৮ কোটি টকা আবন্টন দিয়াৰ পাছতো জিলা প্ৰশাসনৰ ভুলৰ বাবে সেই ধন উভতি যায়। পৰৱৰ্তী সময়ত ধনৰ পৰিৱৰ্তে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ হাতেৰে বানাক্ৰান্তই লাভ কৰে ধন লাভৰ মঞ্জুৰী পত্ৰ ৷

কলিয়াবৰৰ বানাক্ৰান্ত

আনহাতে ৪৯৪৮ টা পৰিয়ালক মুঠ ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ 100 টকাৰ মঞ্জুৰীপত্ৰ প্ৰদান কৰা হৈছিল যদিও বানত ক্ষতিসাধন হোৱা বহু পৰিয়ালৰ বিপৰীতে বানে ক্ষতি নকৰা লোককহে এই মঞ্জুৰী পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয়। বানত সৰ্বস্ব হেৰুওৱা লোকে দুই-তিনি হাজাৰ টকাৰ বিপৰীতে কোনো ক্ষতি নোহোৱা বহু লোকে সৰ্বোচ্চ পঞ্চানব্বৈ হাজাৰ টকা লাভ কৰাক লৈ কলিয়াবৰীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। আনকি প্ৰতিবাদী ৰাইজে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰৰ বাসগৃহও ঘেৰাও কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগে-আগে বান পীড়িতক সাহায্য প্ৰদানৰ কুচ-কাৱাজ চলিছিল যদিও দুই মিত্ৰ দল বিজেপি আৰু অগপ দলৰ মাজত বাঢ়ি অহা দূৰত্ব আৰু চৰকাৰী বিধি-পথালিত পুনৰ বান সাহায্যৰ পৰা বঞ্চিত হয় গঞা । মুঠতে চৰকাৰ বদলিৰ পাছতো বন্যাৰ্ত বঞ্চিত বান সাহায্যৰ পৰা ৷

ABOUT THE AUTHOR

...view details