কলিয়াবৰ,৮ জুন: স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিৰ লগতে কলিয়াবৰ মহকুমাত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ সংখ্যা । মঙলবাৰে কলিয়াবৰৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত(KESHAB MAHANTA)ই ।
অনাগত দিনবোৰত কলিয়াবৰত পৰিস্থিতি অধিক উন্নত হোৱাৰ আশা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । যোৱা ২৪ ঘণ্টাত কলিয়াবৰত ৩৪ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু এই তথ্যই কলিয়াবৰলৈ এক সুস্থিৰ পৰিৱেশ ঘূৰি অহাৰ আগজাননী দিছে । এই পৰ্যন্ত কলিয়াবৰত ১,৫৯৬ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু সুস্থ হৈ উঠিছে ১,৩৪৩ জন ৰোগী । কলিয়াবৰ মহকুমা প্ৰশাসনে ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৩ টাকৈ স্থান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ।