কলিয়াবৰ, 5 আগষ্টঃদেওবাৰে সফলভাৱে অন্ত পৰে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্লাৱ লীগ ফুটবল প্ৰতিযোগিতাৰ ৷ ৭ জুলাইৰ পৰা কলিয়াবৰৰ নাগশংকৰ স্থিত ডা০ টি. আও গ্ৰাম্য ক্ৰীড়াংগনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশ লৈছিল মুঠ ২৬ টা দলে ৷
সফল সামৰণী কলিয়াবৰ জিলা ক্ৰীড়া সন্থা ক্লাৱৰ লীগ ফুটবল প্ৰতিযোগিতাৰ ২ আগষ্ট অনুষ্ঠিত হোৱা C ডিভিজনৰ মেচৰ চূড়ান্ত খেলত অৰুণোদয় সংঘক ১-০ গ'লত পৰাস্ত কৰি বৰঘূলী যুৱক সংঘ চেম্পিয়ন হৈ B ডিভিজনলৈ উন্নীত হয় । B ডিৱিজন পৰ্য্যায়ত অংশ গ্ৰহণ কৰিছিল ৮ টা দলে । ইপিনে ক্লিৰডাপ ক্লাৱে দ'ল পুখুৰী যুৱক সংঘক ৩-২ গ'লত পৰাস্ত কৰি B ডিভিজন লীগৰ চেম্পিয়ন হৈ A ডিভিজনলৈ উন্নীত হয় । দেওবাৰে অনুষ্ঠিত হোৱা A ডিৱিজনৰ চূড়ান্ত খেলত ফ্ৰেণ্ডশ্বীপ ক্লাৱে থং-নক্ৱে আচং দলক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰে ।
চূড়ান্ত খেল আৰু বঁটা বিতৰণী সভাত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱাই দুয়ো দলৰ খেলুৱৈসকলক উৎসাহিত কৰে । নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি আলহাজ আলিমুদ্দিন আহমেদ তথা বিষয়-ববীয়া আৰু বঁটা সমূহৰ দাতা আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত তিনিওটা পৰ্য্যায়ৰ চেম্পিয়ন দল আৰু ৰানাৰ্চ-আপ দলসমূহক বঁটা প্ৰদান কৰা হয় ।
যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ হাতীমূৰা মথাউৰি ছিঙাৰ ফলত হোৱা বানত দুৰ্য্যোগৰ সন্মুখীন হোৱা ডা০ টি. আও গ্ৰাম্য ক্ৰীড়াংগনৰ আন্তঃগাঁঠনি সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিল । তৎস্বত্বেও এক সুস্থ ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগক সকলোৱা একেমুখে শলাগ লৈছে ।