কলিয়াবৰ, 9 ডিচেম্বৰঃসোমবাৰে নগাঁৱৰ কলিয়াবৰত উদ্ধাৰ হয় এটা দুস্প্ৰাপ্য প্ৰজাতিৰ নীলকণ্ঠী হেটুলুকা চৰাই ৷ কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইটো। শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত কেইটামান সৰু লৰাই কেটেপাৰে আক্ৰমণ কৰি আহত কৰিছিল দুস্প্ৰাপ্য প্ৰজাতিৰ নীলকণ্ঠী হেটুলুকা চৰাইটো । পিচত আহত হেটুলুকা চৰাইটো স্থানীয় সঞ্জীৱ ডেকা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনে শিশু কেইজনৰ পৰা উদ্ধাৰ কৰি কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে।
নগাঁৱত বিৰল প্ৰজাতিৰ নীলকণ্ঠী হেটুলুকা চৰাই উদ্ধাৰ - হিমালয় আৰু বাংলাদেশ
কলিয়াবৰত সোমবাৰে দুজনমান কিশোৰৰ হাতৰ পৰা উদ্ধাৰ হয় এটা দুস্প্ৰাপ্য প্ৰজাতিৰ নীলকণ্ঠী হেটুলুকা চৰাই ৷ উত্তৰ পূৱ ভাৰতৰ বিশেষকৈ হিমালয় আৰু বাংলাদেশলৈকে উপলব্ধ এই দুস্প্ৰাপ্য চৰাইবিধ বৰ্তমান আই ইউ চি এনৰ তালিকাভূক্ত অন্যতম দুস্প্ৰাপ্য পক্ষী ৷

নগাঁৱত বিৰল প্ৰজাতিৰ নীলকণ্ঠী হেটুলুকা চৰাই উদ্ধাৰ