অসম

assam

By

Published : Jan 10, 2021, 5:42 PM IST

ETV Bharat / state

ভোগালীক আদৰাৰ প্ৰস্তুতি কলিয়াবৰত

সমাগত ভোগালী বিহু । ভোগালীৰ ভোগৰ সামগ্ৰীৰে জখলাবন্ধাত বিপণী মুকলি । ভোগালীক আনন্দ উলাহেৰে পালন কৰিবলৈ আগবাঢ়িছে সকলো । ভোগালীৰ বতৰত থলুৱাভাৱে তৈয়াৰী পিঠা-পনা, জলপানৰ চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি জখলবান্ধাত এখন বিপণী মুকলি কৰে কলিয়াবৰৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে ।

ভোগালীক আদৰাৰ প্ৰস্তুতি কলিয়াবৰত
ভোগালীক আদৰাৰ প্ৰস্তুতি কলিয়াবৰত

নগাঁও, ১০ জানুৱাৰী: চেনেহৰ ভোগালী বিহু এতিয়া দুৱাৰডলিত । ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ তিনিটা দিন । কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যৰ চুকে-কোণে এতিয়া সকলোৱে বিহুৰ প্ৰস্তুতিত মগ্ন । পথাৰত মেজি সজাৰ পৰা আদি কৰি ব্যাপক প্ৰস্তুতি চলাইছে অসমবাসীয়ে । বৰ্তমান যান্ত্ৰিকতাৰ মাজত কিছু পৰিমাণে হ'লেও হেৰাই গৈছে বিহুৰ আনন্দ-উছাহ । দৈনন্দিন কৰ্ম ব্যস্ততাৰ ফলত বিহুৰ প্ৰস্তুতিত সামান্য় পৰিমাণে হ'লেও পূৰ্বৰ দৰে নাই আনন্দ-উছাহ । কিন্তু তাৰ মাজতো এতিয়াও বিহু বুলি অসমীয়া ৰাইজে জুতি ল'বলৈ পাহৰা নাই পিঠাপনাৰ । বজাৰৰ পৰা ক্ৰয় কৰি হ'লেও সেই জুতি এতিয়া লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়াই । সেই চাহিদা পূৰণ কৰিছে বিভিন্ন থলুৱা খাদ‍্য উৎপাদনৰ উদ‍্যোগৰ লগতে আত্ম সহায়ক গোটবিলাকেও ।

জখলাবন্ধাত বিপণী মুকলি

সমান্তৰালকৈ নগাঁও জিলাতো ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে । বিগত লক ডাউনৰ সময়ছোৱাত ৰঙালী বিহুটি ভালদৰে উদযাপন কৰিব নোৱাৰাত এইবাৰ ভোগালীক আনন্দ উলাহেৰে পালন কৰিবলৈ আগবাঢ়িছে সকলো । ভোগালীৰ বতৰত থলুৱাভাৱে তৈয়াৰী পিঠা-পনা, জলপানৰ চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি জখলবান্ধাত এখন বিপণী মুকলি কৰে কলিয়াবৰৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে ।

অসম ৰাজ‍্যিক জীৱিকা অভিযান আৰু জখলাবন্ধা গাঁও পঞ্চায়তৰ প্ৰত‍্যক্ষ সহযোগত অগ্ৰগামী গ্ৰাম‍্য সংগঠনে আৰম্ভ কৰিছে এই বিপণীখন । মুকলি অনুষ্ঠানত মহকুমাধিপতি, জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা, অসম ৰাজ‍্যিক জীৱিকা অভিযানৰ বিষয়া আৰু জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়া উপস্থিত থাকে । বিপণীখনত বৰ পিঠা, খোলা পিঠা, লাৰু, মিঠাই আদিৰে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব বুলি আশাবাদী সংগঠনটোৱে ।

লগতে পঢ়ক: আটছাৰ প্ৰতিষ্ঠাপক সভাপতি নিৰোধ কুমাৰ হেমৰমৰ দেহাৱসান

ABOUT THE AUTHOR

...view details