কলিয়াবৰ,৬ মে':কলিয়াবৰ অঞ্চলৰ উচ্চশিক্ষাৰ বাটকটীয়া কলিয়াবৰ মহাবিদ্যালয়ে অতিক্ৰম কৰিলে গৌৰৱময় ৫০টি বৰ্ষ । উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে কলিয়াবৰ মহাবিদ্যালত । কিয়নো অহা ১৫, ১৬ আৰু ১৭ মে'ত মহাবিদ্যালয়খনিত অনুষ্ঠিত হ'ব সোণালী জয়ন্তী সামৰণি অনুষ্ঠান (Koliabar College to celebrate Golden Jubilee) । সেই উপলক্ষে ব্যাপক প্ৰস্তুতি চলাইছে মহাবিদ্যালয় কৰ্তৃপক্ষ তথা সোণালী জয়ন্তী উদযাপন সমিতিয়ে ।
উল্লেখ যে ২০১৯ চনতে ৫০ বছৰ অতিক্ৰম কৰা কলিয়াবৰৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ সোণালী জয়ন্তী উদযাপনৰ পূৰ্বে দিহা কৰিছিল যদিও সেই সময়ৰ 'কা' আন্দোলনৰ পৰিৱেশ আৰু কভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছিল (Kaliabar College completed 50 years) । সেয়ে, সামৰণি অনুষ্ঠান সময়তকৈ পলমকৈ অনুষ্ঠিত কৰিব লগা হৈছে ।