অসম

assam

ETV Bharat / state

শতবৰ্ষৰ পথত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি - শতবৰ্ষৰ পথত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি

দেশৰ সমবায়খণ্ডৰ স্বৰ্ণিল ইতিহাস বুকুত বান্ধি স-গৌৰৱৰে শতবৰ্ষ গৰকাৰ পথত মাত্ৰ ৬৭০ টকা মূলধনৰে গঠিত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি ৷

শতবৰ্ষৰ পথত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি

By

Published : Sep 2, 2019, 5:03 PM IST

নগাঁও, 2 ছেপ্তেম্বৰ : প্ৰয়াত সমাজসেৱী খগেশ্বৰ গোস্বামীৰ নেতৃত্বত প্ৰাক-স্বাধীনতা কালতেই কলিয়াবৰত এক সমবায় আন্দোলন গঢ় লৈ উঠিছিল । এই আন্দোলনৰ ভিত্তিত দেশে স্বাধীনতা লাভৰ প্ৰায় তিনিটা দশক পূৰ্বেই ১৯২০ চনত প্ৰতিষ্ঠা হৈছিল এই কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি ৷ সমবায় খণ্ডৰ স্বৰ্ণিল ইতিহাস বুকুত বান্ধি সগৌৰৱৰে শতবৰ্ষ গৰকাৰ পথত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিখন ৷ মাত্ৰ ৬৭০ টকা মূলধনৰে গঠিত সমবায়খনে সামৰি লোৱা প্ৰায় ছয় সহস্ৰাধিক জনসাধাৰণৰ সামগ্ৰিক বিকাশত ধাৰাবাহিকভাৱে যোগাই আহিছে অৱদান ।

শতবৰ্ষৰ পথত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতি

উল্লেখযোগ্য় যে প্ৰতিষ্ঠাকালতেই আৰম্ভ কৰা সমবায়ৰ বেংক প্ৰতিষ্ঠানটোৱে দুই শতাধিক মহিলা আত্ম সহায়ক গোটক দুইলাখ টকাকৈ ঋণ প্ৰদানৰে মহিলা সৱলীকৰণ আৰু গ্ৰাম্য সংস্থাপন তথা গ্ৰাম্য অৰ্থনীতিৰ বিকাশতো আগবঢ়াইছে সবল সহযোগিতা । সমবায়খনে মাথো পি ডি এচ ৰ সামগ্ৰী বিতৰণতে সীমাৱদ্ধ ৰখা নাই ব্যৱসায়িক পৰিসীমা । স্থানীয় কৃষকক উৎপাদিত মৰাপাট আৰু সৰিয়হৰ উচিত মূল্য প্ৰদানৰ স্বাৰ্থত চলাই আছে মৰাপাট আৰু সৰিয়হৰ তেলৰ ব্যৱসায় । লগতে গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায় কৰি আহিছে সমবায়খনে । একেদৰে স্থানীয় কৃষকক সততে কম সুদৰ হাৰত প্ৰদান কৰি আহিছে কৃষি ঋণ লগতে স্থানীয় ৰাইজক প্ৰদান কৰি আহিছে আপদকালীন সহজলভ্য ঋণ । কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে ইতিমধ্যে সন্মানিত হৈছে এই শতবৰ্ষ গৰকাৰ পথত থকা সমবায় সমিতিখন ৷

ABOUT THE AUTHOR

...view details