কলিয়াবৰ,1 মাৰ্চ: অসমীয়াৰ জাতিৰ সন্মান বিজড়িত গামোছাৰ থলোৱা উৎপাদনৰ লক্ষ্যৰে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ অভিনৱ পদক্ষেপ ৷ ৰাজ্যৰ বজাৰত বহিৰাগত গামোছাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক এক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছে থলুৱা গামোছা উৎপাদন আঁচনি ৷
হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা মাহ বাকী ৷ বিহু বুলিলেই প্ৰথম প্ৰয়োজন হিচাপে সকলোৰে বাবে প্ৰয়োজন হয় জাতিটোৰ সন্মান স্বৰূপ একোখন গামোছা ৷ কিন্তু ক্ৰমাৎ যেন কমি আহিছে থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত হোৱা গামোছাৰ প্ৰচলন ৷ যাৰ ফলত মেচিনত নিৰ্মাণ হোৱা আবেগহীন একোখন গামোছাই লাহে লাহে দখল কৰিছে অসমৰ বজাৰ ৷ কিন্তু জাতিটোৰ বাবে অশনি সংকেত স্বৰূপ এই সমস্যাৰ অন্ত পেলোৱাৰ উদ্দেশ্যে কলিয়াবৰৰ আছুৱে আৰম্ভ কৰিছে এই থলুৱা গামোছা উৎপাদন আঁচনি ৷
কলিয়াবৰত আছুৰ থলুৱা গামোছা উৎপাদন আঁচনি মুকলি শনিবাৰে আছুৰ বহু কেইজন বিষয়-ববীয়া তথা স্থানীয় গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা হয় থলুৱা গামোছাৰ উৎপাদন আঁচনি ৷ এই অনুষ্ঠানতে কলিয়াবৰৰ নিজ-চিলাবন্ধা শিপিনী গাঁৱৰ এশ গৰাকী থলুৱা শিপিনীক গামোছা উৎপাদনৰ বাবে সূতাৰ যোগান ধৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে, বিগত বৰ্ষতো সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই নিজ-চিলাবন্ধা গাঁৱক প্ৰদান কৰিছিল শিপিনী গাঁৱৰ স্বীকৃতি ৷ বিগত বৰ্ষৰ দৰেই এইবাৰো সমাগত ৰঙালী বিহুলৈ এহেজাৰ খনৰো অধিক থলুৱা গামোছা উৎপাদনৰ লক্ষ্য লৈছে এইসকল শিপিনীয়ে ৷ যাৰ বাবে ছাত্ৰ সন্থাই সূতাৰ যোগান ধৰাৰ লগতে এটি থলুৱা গামোছা বিক্ৰী কেন্দ্ৰ জৰিয়তে বজাৰত উপলব্ধ কৰিব থলুৱা গামোছা ৷ ইয়াৰ উপৰিও অসমীয়া থলুৱা শিপিনী সকলক উচিত মূল্য দি তেঁওলোকৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ বাবে চৰকাৰলৈ অনুৰোধ কলিয়াবৰ ছাত্ৰ সন্থাৰ ৷
লগতে পঢ়ক: সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশনঃ ৪ মাৰ্চত দাখিল নহয় ৰাজ্যিক বাজেট