নগাঁও, 3 জানুৱাৰী : নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত কলংপাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় কলংপাৰ বঁটা । দেওবাৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে ।
নিজ জন্মভূমিত বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা আমাৰ অসম কাকতৰ মূখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত সাম্প্ৰতিক সময়ত সংবাদ জগতৰ লগতে ৰাজনৈতিক, সামাজিক সকলো ক্ষেত্ৰতে সংকট অহাৰ কথা উল্লেখ কৰে । লগতে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি মনোজ কুমাৰ গোস্বামীয়ে স্বাধীন, নিৰপেক্ষ সংবাদ মাধ্যম জৰুৰী বুলিও উল্লেখ কৰে ভাষণ প্ৰসংগত । লগতে ঘৰে ঘৰে হোৱা পৰ্টেলৰ কথাও উল্লেখ কৰি সম্প্ৰতি সংবাদ মাধ্যমৰ এক নিৰীক্ষণ বোৰ্ড অতি জৰুৰী বুলিও উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।