কলিয়াবৰ, 5 এপ্ৰিলঃ ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাৰে কলিয়াবৰ বিধানসভা সমষ্টিত অনুষ্ঠিত কৰা হয় প্ৰথমখন সভা । সভাত অংশ গ্ৰহণ কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বকো সমষ্টিৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে ।
কলিয়াবৰত কংগ্ৰেছৰ নিৰ্বাচনী সভা - অসম ৰাজ্যিক মহিলা কংগ্ৰেছ
গৌৰৱ গগৈৰ সমৰ্থনত কলিয়াবৰত মহিলা কংগ্ৰেছৰ সভা ৷ অসম ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসৰ লগতে মোদী চৰকাৰক তীব্ৰ আক্ৰমণ
কলিয়াবৰত কংগ্ৰেছৰ নিৰ্বাচনী সভা
সভাত ভাষণ দি কয় যে মোদী চৰকাৰে সকলোকে 15 লাখ টকাকৈ দিম বুলি মিচা প্ৰতিশ্ৰুতি দিছিল বুলি কটাক্ষ কৰে ৷ অগপ আৰু বিজেপিৰ বিৰুদ্ধে সকলোকে একগোট হৈ পুনৰ গৌৰৱ গগৈক বিজয়ী কৰাবলৈ আহ্বান জনায় সভানেত্ৰী গৰাকীয়ে । পঞ্চায়ত নিৰ্বাচনত হিমন্তই পাম নথকা বল আখ্যা দিয়া অগপৰে বিজেপিৰ মিত্ৰতাক তীব্ৰ কটাক্ষ কৰে ।