কলিয়াবৰ, 27 মে’ :কাৰ্বি ভূমিত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানত এতিয়া নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ এইবাৰ নিৰ্বাচনত 100 শতাংশই ভোটলাভ কৰি জয়ী হোৱাৰ দাবী নিৰ্দলীয় প্ৰাৰ্থী মোহন বে'ৰ ৷ বিজেপিয়ে সমষ্টিটোৰ উন্নতিৰ হকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ৷
বৃহস্পতিবাৰে হাজাৰ-হাজাৰ ৰাইজৰ উপস্থিতিত 18 নং হাওৰাঘাট বিধান পৰিষদৰ অন্তৰ্গত 17 নং চুচেনধেন্টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী মোহন বে'ৰ হৈ আয়োজন কৰা হয় এক নিৰ্বাচনী প্ৰচাৰ সভা (Independent Candidate Mohan Bay Election Campaign) ৷ "মই এই নিৰ্বাচনত জয়জুক্ত হোৱাটো নিশ্চিত ৷ আমি 100 শতাংশই ভোট লাভ কৰিম ৷ দুৰ্নীতিৰ পৰা মুক্ত হবলৈ ৰাইজ একগোট হৈছে ৷
চুচেনধেন্টা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তিনিটাকৈ সংগঠনে মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে’’ ৷