অসম

assam

ETV Bharat / state

জুৰীয়াত পথ নিৰ্মাণত অনিয়ম, ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু - police

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত সংঘটিত হৈ আছে ব্যাপক অনিয়ম, জুৰীয়াত ঠিকাদাৰৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু স্থানীয় ৰাইজৰ

জুৰীয়াত পথ নিমাৰ্ণত অনিয়ম, ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Aug 9, 2019, 11:24 AM IST

নগাঁও, 09 আগষ্টঃ নগাঁও জিলাৰ জুৰীয়াৰ কান্ধুলীমাৰী , কটকী হৈ মেলেকাধিংলৈ যোৱা পথটোৰ নিমাৰ্ণকাৰ্যত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা পথটো নিমাৰ্ণৰ বাবে 2018-19 বৰ্ষত S.O.P.D আঁচনিৰ অধীনত 1 কোটি 72 লাখ টকাৰ আৱণ্টন দিয়া হৈছিল ৷ কিন্তু পৰৰ্বতী সময়ত পথটো নিমাৰ্ণৰ বাবে ঠিকা লাভ কৰা আবু বক্কৰ ছিদ্দিকে গ্ৰেভেল,শিলগুটি নিদিয়াকৈ কেৱল মাটিৰ ওপৰত ব্লক বহুৱাই অতি নিম্নমানৰ কাম কৰাত জাঙুৰ কাই উঠিছে স্থানীয় ৰাইজ ৷ ইতিমধ্য ক্ষোভিত ৰাইজে ঠিকাদাৰজনৰ বিৰুদ্ধে জুৰীয়া থানাত গোচৰ ৰুজু কৰিছে ৷

জুৰীয়াত পথ নিমাৰ্ণত অনিয়ম, ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details