ৰূপহীহাট,8 মাৰ্চ: ৰূপহীহাটৰ বগৰিগুৰিত আৰক্ষীয়ে সোমবাৰে পুৱা জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা ৪৩ টাকৈ গৰুসহ দুখন বাহন ৷ শিৱসাগৰৰ পৰা নগাঁৱৰ ডুডুমীয়ালৈ আহি থকা অৱস্থাত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই গৰুসহ ছজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ অভিযানত জব্দ গৰুসহ বাহন - ৰূপহীহাটৰ বগৰিগুৰি
শিৱসাগৰৰ পৰা নগাঁৱৰ ডুডুমীয়ালৈ আহি থকা অৱস্থাত জুৰীয়া আৰক্ষীয়ে উদ্ধাৰ কৰে অবৈধভাৱে সৰবৰাহ কৰা ৪৩ টাকৈ গৰু ৷ লগতে জব্দ কৰে দুখন বাহন ৷ ঘটনা সন্দৰ্ভত ছজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

আৰক্ষীৰ অভিযানত জব্দ গৰুসহ বাহন
উল্লেখ্য যে, AS-02-BC-8575 আৰু AS-01-R-0086 নম্বৰৰ মিনি ট্ৰাক দুখনৰ লগতে হালিম উদ্দিন, জাকিৰ হুছেইন, ৰমজান আলী, বাহাৰুল ইছলাম, আজিবুৰ ৰহমান আৰু তাইজুল ইছলাম নামৰ লোক কেইজনক আটক কৰে আৰক্ষীয়ে । সম্প্ৰতি জুৰীয়া আৰক্ষীয়ে চোৰাং গৰুৰ বেহাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:মাজুলীত গঁড়ৰ মুক্ত বিচৰণ