ৰূপহীহাট, 31 মে’ : নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ সফল অভিযান । দেওবাৰে নিশা চলোৱা এক অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় জুৰীয়া আৰক্ষী ৷ দেওবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়া আৰু দগাঁও আৰক্ষী পহৰা চকীৰ সহ উপ-পৰিদৰ্শক ফজৰ আলীৰ নেতৃত্বত চলা এক অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰৰ লগতে খালী কন্টেইনাৰ জব্দ হয় ৷
জুৰীয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক - drug pedller arrested at juria
দেওবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়াত আৰক্ষীৰ অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

জুৰীয়াত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক
জুৰীয়াত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক
জানিব পৰা মতে, জামুগুৰি গাঁৱৰ হবিবুৰ ৰহমান নামৰ লোকজন দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছিল ৷ অৱশেষত আৰক্ষীয়ে এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰী হবিবুৰ ৰহমান আটক কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী
Last Updated : May 31, 2021, 12:34 PM IST