অসম

assam

ETV Bharat / state

নগাঁৱৰ জুৰীয়াত লোমহৰ্ষক হত্যাকাণ্ড

জুৰীয়াত চাঞ্চল্যকৰ ঘটনা ৷ দেওৰেকে ডিঙি চেপি হত্যা কৰিলে নবৌয়েকক ৷ ঘটনা সংঘটিত কৰি নিশাই পলায়ন কৰে হত্যাকাৰীয়ে ৷

By

Published : Jan 12, 2021, 3:15 PM IST

juria murder
নগাঁৱৰ জুৰীয়াত লোমহৰ্ষক হত্যাকাণ্ড

ৰূপহীহাট, 12 জানুৱাৰী : নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ নবৌয়েকক ডিঙি চেপি হত্যা কৰিলে দেওৰেকে ৷ জুৰীয়া ন-আলি মূৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। ঘটনা সংঘটিত কৰি নিশাই পলায়ন কৰে হত্যাকাৰী আশ্ৰফ আলীয়ে ৷

নগাঁৱৰ জুৰীয়াত লোমহৰ্ষক হত্যাকাণ্ড

দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰে পৰিয়ালকেন্দ্ৰিক সংঘাত চলি আহিছিল দেওৰেকৰ ৷ জানিব পৰা মতে, মঙলবাৰে পুৱাই হত্যাকাৰী আশ্ৰফে কৰ্মসংস্থাপন বিচাৰি চেন্নাইলৈ যোৱাৰ উদ্দেশ্য ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু পিছত নিশা ঘৰলৈ ওভতি আহি কিবা কথাত নবৌয়েক ৰেজিয়া খাতুনৰ সৈতে তৰ্কত লিপ্ত হয় ।

জ্যেষ্ঠ ভাতৃ ঘৰত নথকাৰ সুযোগত নিশা শোৱাপাটীতে কণমানি পুত্ৰৰ সন্মুখতে ডিঙি চেপি মহিলাগৰাকীক হত্যা কৰি পলায়ন কৰে হত্যাকাৰী আশ্ৰফে। ইতিমধ্যে জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details