অসম

assam

ETV Bharat / state

Jumma Namaj : নামজৰ নামত প্রকৃততে কোনে বদনামী কৰিলে জুৰীয়াক ? - বদনামী হ'ল জুৰীয়া

মদিনাৰ ইমামৰ উপস্থিতিত জুম্মাৰ নামাজ অনুষ্ঠিত হোৱাৰ নামত একগোট হোৱা কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকক কোনে কৰিলে প্ৰতাৰণা ? কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে বদনামী হ'ল জুৰীয়াবাসী (Juria Jumma Namaj controversy) ? মদিনাৰ ইমাম অবিহনেই জুম্মাৰ নামাজ আদায়ৰ পিছত সন্ধিয়া জুৰীয়াত উপস্থিত হোৱা মৌলবীগৰাকী প্ৰকৃততে কোন ? মৌলবীক লৈ সন্দেহ বিধায়ক আমিনুল ইছলামৰ । ঘটনাক লৈ জুৰীয়া আৰক্ষী থানাত এজাহাৰ বিধায়ক আমিনুল ইছলামৰ । কিয় নিমাত হৈ আছিল বিধায়ক নুৰুল হুদা ? সকলো সামৰি ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

Jumma Namaj
নামজৰ নামত প্রকৃততে কোনে বদনামী কৰিলে জুৰীয়াক

By

Published : Feb 27, 2022, 6:48 PM IST

নগাঁও, 27 ফেব্ৰুৱাৰী :পৱিত্ৰ মদিনাৰ ইমামৰ উপস্থিতিত জুম্মাৰ নামাজ অনুষ্ঠিত হোৱাৰ খবৰ পোৱাৰ পিছতেই হিল দল ভাঙি জুৰীয়াত উপস্থিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক । ধুবুৰীৰ পৰা শদিয়া পৰ্যন্ত ইছলাম ধৰ্মালম্বী লোকৰ সমাগমত জনসমুদ্ৰত পৰিণত হ'ল জুৰীয়া । কিন্তু লক্ষ লক্ষ লোকৰ আশাত চেঁচাপানী ঢালি প্ৰচাৰ চলোৱামতে সময়ত উপস্থিত নহ'ল মদিনা অথবা মক্কাৰ কোনো ইমাম ।

নামজৰ নামত প্রকৃততে কোনে বদনামী কৰিলে জুৰীয়াক

যাৰবাবে ক্ষুন্ন হৈ একাংশ লোকে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ । বিভিন্ন সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰি একাংশই ধৰ্মীয় শৃংখলতা তথা শান্তি বিঘ্নিত কৰে । এই ঘটনাই ৰাজ্যবাসীৰ ওচৰতেই লজ্জানত কৰিলে জুৰীয়াক (Juria Jumma Namaj controversy)।

প্ৰকৃততে জুৰীয়াক কোনে কৰিলে এই বদনামী ?

নামজৰ নামত প্রকৃততে কোনে বদনামী কৰিলে জুৰীয়াক ?

আচলতে জুৰীয়াৰ এটা ভিতৰুৱা এলেকা ধিং গাঁৱৰ এখন মাদ্ৰাছাই আয়োজন কৰিছিল এক অনুষ্ঠানৰ । য'ত উপস্থিত থকাৰ কথা আছিল চৌদি আৰবৰ এগৰাকী মৌলানা । ধিংবড়িত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠান জুৰীয়াত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল জুৰীয়াৰ আন এক ভিতৰুৱা অঞ্চল সুঁতিৰপাৰৰ এজন অগপৰ পালিনেতাই ।

আয়োজক সমিতিয়ে তায়েফ চহৰৰ ইমাম আহিব বুলি প্ৰচাৰ কৰাৰ বিপৰীতে অগপ নেতা, পালিনেতাই জনসমাগম দেখুওৱাৰ উদ্দেশ্যেই চলালে মদিনাৰ ইমাম অহাৰ প্ৰচাৰ । মদিনাৰ ইমামৰ নামত প্ৰচাৰ চলাই জুৰীয়াত অসংখ্য লোকৰ সমাগম দেখুৱাই মন্ত্ৰী কেশৱ মহন্তৰ ওচৰত বাঃ বাঃ লোৱাৰ চেষ্টাত নামি পৰিল অগপৰ নেতা পালিনেতা ।

লগতে পঢ়ক :Russia Ukraine Conflict : ২৪০ গৰাকী নাগৰিকৰ সৈতে হাংগেৰীৰ পৰা দিল্লীলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

পৰিকল্পনা কৰা মতেই ধিংবড়িত হ’বলগীয়া অনুষ্ঠান অনুষ্ঠিত হ'ল জুৰীয়াত । কিন্তু সময়ত উপস্থিত নহ'ল মদিনা অথৱা মক্কাৰ কোনো ইমাম । যাক লৈ বদনামী হ'ল জুৰীয়া । এই ঘটনাক লৈ এতিয়া লজ্জানত জুৰীয়াবাসী ।

অৱশ্যে সন্ধিয়া ধিংবড়িত উপস্থিত হয় এইগৰাকী মৌলানা । মৌলানাগৰাকী মক্কা অথবা মদিনাৰ নহয় বুলি সন্দেহ প্ৰকাশ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ । কিন্তু ই টি ভি ভাৰতৰ হাতত মৌলানাগৰাকীৰ পৰিচয় পত্ৰ এইগৰাকীয়েই হৈছে জুৰীয়াৰ জুম্মাৰ নামাজত অংশগ্ৰহণ কৰিবলগীয়া চৌদি আৰৱৰ ইমাম, আৰু এয়াই হৈছে ইমামগৰাকীৰ চৌদি আৰৱৰ পৰা অহাৰ এক প্ৰমাণ ।

জুৰীয়াৰ জুম্মাৰ নামাজ বিতৰ্কত সাঙোৰ খাই পৰিছিল বিধায়ক আমিনুল ইছলামো । অনুষ্ঠানৰ প্ৰচাৰৰ বাবে চপোৱা গোহাঁৰি পত্ৰত উল্লেখ আছিল অন্য ৰাজনৈতিক নেতাৰ লগতে বিধায়ক আমিনুল ইছলামৰো নাম । কিন্তু বিধায়ক আমিনুল ইছলামৰ বিনা অনুমতিত গোহাঁৰি পত্ৰত নাম দিয়াৰ অভিযোগ উত্থাপন কৰি শনিবাৰে জুৰীয়া আৰক্ষী থানাত আয়োজক সমিতিৰ বিৰুদ্ধে বিধায়কগৰাকীয়ে দাখিল কৰে এজাহাৰ ।

লগতে পঢ়ক :অগপক ভোট নিদিবলৈ আহ্বান বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ

উল্লেখ্য যে, শুকুবাৰে জুৰীয়াৰ জুম্মাৰ নামাজক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ সময়ত উপস্থিত আছিল স্থানীয় বিধায়ক নুৰুল হুদাও । মদিনাৰ ইমামৰ উপস্থিতিত জুম্মাৰ নামাজত অংশগ্ৰহণ কৰিবলৈ জুৰীয়াত উপস্থিত হৈ বিমুখ হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক লোকক সামান্য শান্তনা দিবলৈও প্ৰয়োজনবোধ নকৰিলে বিধায়ক নুৰুল হুদাই । নিজৰ সমষ্টিত বিশাল অনুষ্ঠানৰ ক্ৰেডিট ল’বলৈ দৌৰি ঢাপলি অংশ লোৱা বিধায়ক নুৰুল হুদাৰ কোনো দায়িত্ব নাছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশই ।

অনুষ্ঠানত মুখেৰে এটা শব্দ উচ্চাৰণ নকৰা বিধায়ক নুৰুল হুদাই অৱশ্যে পৰৱৰ্তী সময়ত নিজৰ ঘৰত উপস্থিত হৈ সংবাদ মেলৰ আয়োজন কৰি নিজৰ চাফাই দিয়াৰ চেষ্টা কৰে । নুৰুল হুদাৰ দৰে বিধায়ক জুৰীয়াবাসীৰ বাবে সৌভাগ্য নে দুৰ্ভাগ্য, বিবেচনা জুৰীয়াবাসীয়েই কৰিব ।

লগতে পঢ়ক :Jumma Namaj in Nagaon: জুৰীয়ালৈ কিন্তু কিয় নাহিল মক্কাৰ ইমাম ?

ABOUT THE AUTHOR

...view details