অসম

assam

ETV Bharat / state

নগাঁৱত জীৱিতক মৃত সজোৱা হ'ল ভোটাৰ তালিকাত - মৃতকৰ ৰূপত

জুৰীয়াত ভোটাৰ তালিকাত জীৱিত লোকৰ নাম সন্নিৱিষ্ট হ'ল মৃতকৰ ৰূপত

জীৱিতক মৃত সজোৱা হ'ল ভোটাৰ তালিকাত

By

Published : Apr 10, 2019, 3:56 PM IST

নগাঁও, ১০ এপ্ৰিলঃ নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড। নগাঁওৰ জুৰীয়াৰ এজন জীৱিত লোকক মৃত দেখুৱাই নাম সন্নিৱিষ্ট কৰা হ'ল ভোটাৰ তালিকাত । হেলাল উদ্দিন নামৰ লোকজনক ভোটাৰ তালিকাত মৃত দেখুৱাই ডিলেটেড (Deleted) বুলি উল্লেখ কৰাত চিন্তিত হৈ পৰে লোকজন । কিয়নো ১১ এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । এই নিৰ্বাচনী প্ৰক্ৰিয়াত হেলাল উদ্দিনে নিজৰ ভোটদানৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাত চিন্তিত হৈ পৰে। লগতে জীৱিত ব্যক্তিক মৃত বনাই ভোটাৰ তালিকাৰ পৰা প্ৰকৃত নাগৰিকৰ নাম কৰ্তন কৰা ঘটনাত জড়িত থকা দুষ্ট চক্ৰক অতি শীঘ্ৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰো দাবী জনাই।

জীৱিতক মৃত সজোৱা হ'ল ভোটাৰ তালিকাত

ABOUT THE AUTHOR

...view details