ৰূপহীহাট,4 মাৰ্চঃৰূপহীহাটৰ জুৰীয়াত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত । অগ্নিৰ লেলিহান শিখাত জ্বলি ছাই হ'ল প্ৰায় দহটাকৈ বাসগৃহ। ৰূপহীহাটৰ জুৰীয়া লালুং গাৱঁৰ আলাল উদ্দিনৰ নামৰ লোকজনৰ বাসগৃহৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ড । জানিব পৰা মতে, বিদ্যুৎৰ শ্বৰ্তচাৰ্কিটৰ ফলতেই সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । উক্ত অগ্নিকাণ্ডত প্ৰায় 25 লক্ষাধিক সা-সম্পত্তি জ্বলি ভস্মিভূত হোৱাৰ লগতে জুইত জাহ যায় বহু প্ৰয়োজনীয় নথিপত্ৰ ।
ৰূপহীহাটৰ জুৰীয়াত ভয়াৱহ অগ্নিকাণ্ড - জুৰীয়া লালুং গাঁৱ
ৰূপহীহাটৰ জুৰীয়া লালুং গাঁৱৰ আলাল উদ্দিনৰ নামৰ লোকজনৰ বাসগৃহৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ড । জানিব পৰা মতে, বিদ্যুৎৰ শ্বৰ্ত চাৰ্কিটৰ ফলতেই সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । উক্ত অগ্নিকাণ্ডত প্ৰায় 25 লক্ষাধিক সা-সম্পত্তি জ্বলি ভস্মিভূত হোৱাৰ লগতে জুইত জাহ যায় বহু প্ৰয়োজনীয় নথিপত্ৰ ।
উল্লেখযোগ্য যে, সময় মতে অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিত নহ'লেও ৰাইজে জুই নিৰ্বাপন কৰিবলৈ অপ্ৰাণ প্ৰচেষ্টা চলাই যদিও চাক্ষুৰ আগতে জ্বলি চাই হয় দহটাকৈ বাসগৃহ। মনকৰিবলগীয়া যে, বিভিন্ন সময়ত জুৰীয়াৰ বিভিন্ন অঞ্চলত এনেদৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু দেৰিকৈ উপস্থিত হয় অগ্নি নিৰ্বাপক গাড়ী ৷ জুৰীয়াত কোনো ধৰণৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় নোহোৱাত গাড়ী সমূহ দেৰিকৈ উপস্থিত হোৱাক লৈ সদায় বিপদত পৰিব লগা হয় জনতা ৷
ইপিনে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীক লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হয় । ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হোৱাৰ লগতে দহটাকৈ বাসগৃহ জ্বলি ছাঁয় হোৱাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়কঃ তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ