নগাঁও, 26 ফেব্ৰুৱাৰী : শুকুৰবাৰে জনসমূদ্ৰত পৰিণত হৈছে নগাঁৱৰ জুৰীয়া ৷মক্কাৰ ইমামৰ ইমামতিত জুম্মাৰ নামাজ আদায় কৰিবলৈ লক্ষ লক্ষ ইছলাম ধৰ্মাৱলম্বী লোক উপস্থিত হয় জুৰীয়াত ৷ কিন্তু সকলোৰে আশাত চেঁচাপানী পৰিল ৷ ফলত যেন ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল জুৰীয়াৰ একাংশ লোকৰ ৷
মন্ত্ৰী কেশৱ মহন্তৰ পৃষ্ঠপোষকতাত কেইবা লক্ষাধিক লোকক প্ৰতাৰণা একাংশ লোকৰ ! এনে প্ৰশ্নই এতিয়া উত্থাপন হৈছে নগাঁৱৰ জুৰীয়াবাসীৰ মুখে মুখে । প্ৰশ্ন এটাই কোনে প্ৰতাৰণা কৰিলে লক্ষ লক্ষ ইছলাম ধৰ্মাৱলম্বী লোকক । অভিযোগৰ আঙুলি মন্ত্ৰী কেশৱ মহন্তলৈও ।
তাৰ কাৰণো বহুত । প্ৰচাৰ কৰা অনুসৰি, জুৰীয়াত তায়েফ চহৰৰ ইমামৰ ইমামতিত অনুষ্ঠিত হ'ব জুম্মাৰ নামাজ । এই প্ৰচাৰ পত্ৰখনত সেই কথা স্পষ্টকৈ উল্লেখ আছে ৷ আনহাতে, এই অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক আছিল মন্ত্ৰী কেশৱ মহন্ত।
এই অনুষ্ঠানৰ পূৰ্বে আয়োজক কমিটিৰ তৰফৰ পৰা আয়োজন কৰা হৈছিল এক সংবাদ মেলৰ ৷ মক্কাৰ ইমামৰ ইমামতিত অনুষ্ঠিত জুৰীয়াৰ জুম্মাৰ নামাজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল অগপ নেতা জাকিৰ হুছেইনে । কিন্তু তাৰ পিছতেই শুকুৰবাৰৰ জুৰীয়া খেলপথাৰৰ দৃশ্যই হতচম্ভিত কৰি তুলিছে সাধাৰণ লোকক ।
শুকুবাৰৰ এক বিশেষ জুম্মাৰ নামাজত অংশগ্ৰহণ কৰিবলৈ জুৰীয়াৰ বগুৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত কেইবালক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক । নিশাৰ পৰাই জুৰীয়ালৈ বৈছিল ইছলাম ধৰ্মাৱলম্বী লোকৰ লানি নিছিগা সোঁত । আনকি শুকুবাৰে দুপৰীয়া পৰ্যন্ত জুৰীয়াৰ খেলপথাৰত জুম্মা নামাজ আদায় কৰিবলৈ উপস্থিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবালক্ষাধিক লোক ।