অসম

assam

ETV Bharat / state

তৰমুজৰ বজাৰক লৈ আশাবাদী শিলঘাট-বিহডুবিৰ খেতিয়ক - শিলঘাট-বিহডুবি অঞ্চলৰ খেতিয়ক

যোৱা বৰ্ষত ক'ৰণা সন্ত্ৰাসে তৰমুজৰ খেতিয়কক হতাশ কৰি তোলাৰ পাচতে এইবাৰ তৰমুজৰ বজাৰখনক লৈ আশাবাদী হোৱা দেখা গৈছে শিলঘাট-বিহডুবি অঞ্চলৰ খেতিয়কসকলক ৷

তৰমুজৰ বজাৰক লৈ আশাবাদী শিলঘাট-বিহডুবিৰ খেতিয়ক
তৰমুজৰ বজাৰক লৈ আশাবাদী শিলঘাট-বিহডুবিৰ খেতিয়ক

By

Published : Apr 14, 2021, 8:37 AM IST

কলিয়াবৰ, 14 এপ্ৰিল : যোৱা বৰ্ষত ক'ৰণা ত্ৰাসে তৰমুজ খেতিয়কক হতাশ কৰি তোলাৰ পাচতে এইবাৰ তৰমুজৰ বজাৰখনক লৈ আশাবাদী হোৱা দেখা গৈছে শিলঘাট-বিহডুবি অঞ্চলৰ খেতিয়কসকলক ৷

তৰমুজৰ বজাৰক লৈ আশাবাদী শিলঘাট-বিহডুবিৰ খেতিয়ক

ব্ৰহ্মপুত্ৰৰ বালিচৰত উৎপাদিত তৰমুজ ক্ৰয় কৰিবৰ বাবে ব্যৱসায়ী সকলক এতিয়া ভিৰ কৰা দেখা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ নগাঁও, শিলচৰ, খাৰুপেটীয়া, যোৰহাট, গুৱাহাটী আৰু হোজাইৰ ব্যৱসায়ীসকলে শিলঘাট-বিহডুবি অঞ্চলৰ খেতিয়কসকলক ক্ৰয় কৰি আহিছে ব্ৰহ্মপুত্ৰৰ বালিচৰত উৎপাদিত এই তৰমুজ ৷

উল্লেখ্য যে, অসমত তৰমুজৰ এখন ভাল বজাৰ আছে ৷ তৰমুজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিঘাই-বিঘাই তৰমুজৰ খেতি কৰি এতিয়া যথেষ্ট উপকৃত হৈছে ৰাজ্যৰ খেতিয়ক সকল ৷

তৰমুজৰ বজাৰক লৈ আশাবাদী শিলঘাট-বিহডুবিৰ খেতিয়ক

শিলঘাটৰ অশোকাষ্টমী মেলাৰ আন এক চিনাকী পৰিচয় হৈছে স্থানীয়ভাৱে উৎপাদিত তৰমুজ । বহাগ মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব লগীয়া অশোকাষ্টমী মেলালৈ অহা লোক সকলক গৰমত সকাহ দিবলৈ ৰসাল তৰমুজ বিক্ৰীৰ বাবে আশাৰে বাট চাই আছে খেতিয়কসকল।

লগতে পঢ়ক: ভাৰত-পাক সীমান্তত পাকিস্তানী নাগৰিকক আটক

ABOUT THE AUTHOR

...view details