অসম

assam

ETV Bharat / state

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে সাংবাদিক স্নেহাশীষ চক্ৰৱৰ্তীৰ অভিনৱ পদক্ষেপ - তেজপুৰ

17 নৱেম্বৰত বিশ্বনাথ চাৰিআলিৰ পৰা যাত্ৰা আৰম্ভ কৰি 13 দিনৰ অন্তত দেওবাৰে কলিয়াবৰত উপস্থিত হয়‌ সংবাদসেৱী স্নেহাশীষ চক্ৰৱৰ্তী ৷ সাংবাদিক নিগ্ৰহৰ ভূক্তভোগী হিচাপে সাংবাদিকৰ ওপৰত হোৱা নিগ্ৰহৰ বিৰুদ্ধে সকলো বাৰ্তাজীৱিক সচেতন তথা একগোট কৰাৰ উদ্দেশ্যে এই অভিনৱ পন্থা অৱলম্বন কৰে সাংবাদিক গৰাকীয়ে ৷

journalist-snehashish-chakrabortys-innovative-initiative-for-the-social-security-of-journalists
সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে সাংবাদিক স্নেহাশীষ চক্ৰৱৰ্তীৰ অভিনৱ পদক্ষেপ

By

Published : Nov 29, 2020, 9:23 PM IST

কলিয়াবৰ, 29 নৱেম্বৰ :সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে 17 নৱেম্বৰত বিশ্বনাথ চাৰিআলিৰ পৰা যাত্ৰা আৰম্ভ কৰি 13 দিনৰ অন্তত দেওবাৰে চাইকেলেৰে কলিয়াবৰত উপস্থিত হয়‌ সাংবাদিক স্নেহাশীষ চক্ৰৱৰ্তী ৷ সাংবাদিক নিগ্ৰহৰ ভূক্তভোগী হিচাপে সাংবাদিকৰ ওপৰত হোৱা নিগ্ৰহৰ বিৰুদ্ধে সকলো বাৰ্তাজীৱিক সচেতন তথা একগোট কৰাৰ উদ্দেশ্যে এই অভিনৱ পন্থা অৱলম্বন কৰে সাংবাদিক গৰাকীয়ে ৷

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে সাংবাদিক স্নেহাশীষ চক্ৰৱৰ্তীৰ অভিনৱ পদক্ষেপ

যাত্ৰাৰ পথত সাংবাদিক গৰাকীয়ে কয় যে, কোনোবা দুই এগৰাকী সাংবাদিকৰ কাৰণে সকলো বাৰ্তাজীৱিকে দোষী সাব‍্যস্ত কৰাৰ যি প্ৰৱণতা দেখা গৈছে, সেয়া একেবাৰেই অনুচিত ৷ সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত যি আইন আছে সেই আইন সঠিকভাৱে ৰূপায়নৰ বাবে সংশ্লিষ্ট পক্ষক আহ্বান জনায় ।

সাংবাদিক স্নেহাশীষ চক্ৰৱৰ্তীৰ মন্তব্য

উল্লেখ্য যে, নিশা তেজপুৰত কটাই সোমবাৰে পুনৰ যাত্ৰা কৰি বিশ্বনাথ চাৰিআলিত এই যাত্ৰাৰ সমাপ্ত কৰিব স্নেহাশীষ চক্ৰৱৰ্তীয়ে । পৰৱৰ্তী সময়ত সাংবাদিকৰ সামাজিক সুৰক্ষা আৰু পথ সুৰক্ষাৰ সচেতনতাৰ বাবে গুৱাহাটীৰ পৰা কলকাতালৈ চাইকেল যাত্ৰা কৰাৰ আশা পুহি ৰাখিছে চক্ৰৱৰ্তীয়ে ।

লগতে পঢ়ক :গোলকগঞ্জৰ আগমনীত অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱৰ আয়োজন

ABOUT THE AUTHOR

...view details