অসম

assam

By

Published : Aug 21, 2020, 6:11 PM IST

ETV Bharat / state

সাংবাদিকৰ নিৰাপত্তাৰ দাবীৰে নগাঁৱত সাংবাদিকৰ প্ৰতিবাদ

সাংবাদিকৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ দাবীৰে সোমবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে, নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্যনৰ সাংবাদিকসকলে ৷

সাংবাদিকৰ প্ৰতিবাদ
সাংবাদিকৰ প্ৰতিবাদ

নগাঁও, 21 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধ অব্যাহত আছে প্ৰতিবাদ ৷ সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে শুকুৰবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে সাংবাদিকসকলে ৷ নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্যনৰ উদ্যোগত সোমবাৰে "উপায়ুক্তৰ কাৰ্যালয় অভিমুখে যাত্ৰা" শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰিলে সাংবাদিকসকলে ৷

সাংবাদিকৰ নিৰাপত্তাৰ দাবীৰে নগাঁৱত সাংবাদিকৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কোনো চক্ৰই বাতৰি সংগ্ৰহৰ বাবে যোৱা এদল সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সেই ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰাৰ দাবীৰ লগতে, সাংবাদিকৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰাৰ দাবীত সোমবাৰে সাংবাদিকসকলে নগাঁৱত এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইমানৰ পাচতো যদি অনাগত দিনবোৰত সাংবাদিকসকলৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ অব্যাহত থাকে তেন্তে তেওঁলোকে আন্দোলন ইয়াতকৈয়ো অধিক তীব্ৰতৰ কৰি তুলিব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে ৷ ইয়াৰ বাবে শাসক পক্ষ জগৰীয়া হ'ব বুলি তেওঁলোকে উল্লেখ কৰে ৷ নগাঁৱত শেহতীয়াকৈ কোনো দুৰ্বৃত্তই সাংবাদিকক অপদস্থ কৰা ঘটনা সম্পৰ্কত সাংবাদিক সকলে আৰক্ষী থানাত এখন লিখিত এজাহাৰ প্ৰদান কৰিছিল যদিও, এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সেই সাংবাদিকসলৰ মাজত মহিলা সাংবাদিকো থকা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি আইনৰ আওতালৈ আনিবলৈ দাবী জনায় ৷

লগতে পঢ়ক:ডিফু চহৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ চহৰৰ পুৰস্কাৰ ভাৰত চৰকাৰৰ

ABOUT THE AUTHOR

...view details