ৰহা,14 নৱেন্বৰঃ সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত চাইকেল যাত্ৰা ৷ গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে চাইকেল চলাই যাত্ৰা কৰে স্নেহাকংৰ নামৰ এগৰাকী সাংবাদিকে । সাংবাদিকজনে গুৱাহাটীৰ পৰা বুধবাৰে পুৱা ৯ বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৰহাত উপস্থিত হয়হি । সাংবাদিকগৰাকীয়ে ৰহাত ETV Bharat ক কয় যে, সাংবাদিকসকলক সামাজিকভাৱে সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবেই তেওঁ এই যাত্ৰা আৰম্ভ কৰিছে ।
সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদিকৰ চাইকেল ৰেলী তেওঁৰ মতে
"সকলোৱে কেৱল সাংবাদিকসকলে খবৰ যোগান ধৰা কৰ্মী বুলিহে জ্ঞান কৰে । তেওঁলোকৰো যে সমস্যা থাকে ,চাকৰি ,জীৱনৰ নিৰপত্তাহীনতা আদি সমস্যা ভোগে সেই কথা বহুতে অনুভৱ নকৰে । বহু সাংবাদিকে নিম্নতম মজুৰিৰ পৰাও বঞ্চিত হয় । সংবাদ প্ৰতিষ্ঠান সমূহে সাংবাদিকক দৰমহা দিয়া, সাংবাদিকৰ নিৰাপত্তা দিয়া আদি বিষয়সমূহক গুৰুত্ব নিদিয়া পৰিলক্ষিত হয় । যাৰ বাবে বৰ্তমান সময়ত মুঠেই সুৰক্ষিত নহয় সাংবাদিকসকল । সেয়ে সাংবাদিক সকলৰ মাজত সজাগতা অনাৰ উদ্দেশ্যই মই এই চাইকেল যাত্ৰা আৰম্ভ কৰিছো ৷"
উল্লেখযোগ্য যে, চুটি ছবি নিৰ্মাণৰ লগত জড়িত স্নেহাংকৰে নিৰ্মাণ কৰা "ৰেড প্লাচ ইয়েল্ল ইজকেল টু " নামৰ তথ্যচিত্ৰখন কলিকতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত প্ৰৰ্দশিত হৈছিল । তেওঁ 'উষা স্নেহাংকৰৰ ঘোঁৰা', 'মোৰ শূণ্যতা খিনি চুই চাবলৈ চেষ্টা কৰিবা' আৰু 'চলু বুলি নকবা' নামৰ তিনিখন কাব্য সংকলন প্ৰকাশ কৰি উলিয়াইছে ।
আৰু পঢ়কনগাঁও মহাবিদ্যালয়ত বিজ্ঞানী উদ্ধৱ ভৰালীৰ মত বিনিময় অনুষ্ঠান