ৰহা, 22 মাৰ্চ: জোঙাল বলহু গড় মধ্য অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এক ঐতিহাসিক স্থান ৷ তিৱা জনগোষ্ঠীৰ শৌৰ্য, বীৰ্যৰ প্ৰতীক ৰূপে চিহ্নিত তিৱা বীৰ ৰজা জোঙাল বলহুৱে শত্ৰু পক্ষৰ আক্ৰমণক প্ৰতিৰোধ কৰিবলৈ সাত তৰপীয়া গড় বান্ধিছিল ৷ সেই গড়ে আজিও জোঙাল বলহু গড় হিচাপে তিৱা ৰাজ্যৰ বিখ্যাত সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে (History of King Jungal Balahu)।
নগাঁও চহৰৰ পৰা প্ৰায় 25 কিঃমি পশ্চিমে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পাৰে গাতে লাগি থকা এই জোঙাল বলহু গড় আনুমানিক বাৰ/তেৰ শতিকাতে নিৰ্মাণ কৰা বুলি বহু বিদ্বান লোকৰ বুৰঞ্জীত উল্লেখ কৰিছে (King Jungal Balahu Kingdom)। বুৰঞ্জীবিদ পদ্মনাথ গোহাঞিবৰুৱাৰ 'অসম বুৰঞ্জী'ৰ মতে জীতাৰি বংশৰ ৰজা আৰিমত্তই শেষ বয়সত ৰাজ্যত্যাগী হৈ পুত্ৰ ৰত্নসিংহক ৰাজপাটত বহুৱাই লুইতৰ পাৰত তপস্যা কৰি থাকোতে ৰত্নসিংহৰ পুত্ৰ জোঙাল বলহুৱে মৃগয়া কৰিবলৈ যাওতে অজানিতে ধ্যানমগ্ন আৰিমত্তক ধনু কাঁড়েৰে হত্যা কৰে (Nagaon History)।
মৃত্যুৰ সময়ত আৰিমত্তই জোঙাল বলহুক অভিশাপ দিলে যে, "তই মৰিবৰ সময়ত গৰুৰ দৰে মুখ কৰি পানী খাবি আৰু তোক জোঙাল বাঁহেৰে খুচি মাৰিব" ৷ এই কথাত জোঙাল বলহুৱে বেজাৰ পাই পিতৃ পুৰুষৰ ৰাজ্য এৰি গৈ সেই কালৰ চহৰী অঞ্চলত জোঙাল বলহু নামে নগৰ পাতি বাস কৰিছিল (Tiwa kingdom history) । আকৌ গুণাভিৰাম বৰুৱাৰ আসাম বুৰঞ্জীতো উল্লেখ আছে যে, আৰিমত্তৰ ৰাজ্য গুৱাহাটীৰ ওচৰৰ ৰাণীৰ পৰা নগাঁও জিলাৰ ৰহা পৰ্যন্ত বিস্তাৰিত আছিল ।
এডৱাৰ্ড গেইটৰ বুৰঞ্জীতো উল্লেখ আছে, "In the Sahari Mouza in Nowgong are the remains of an old fort with high embankments known as the Jongalgarh. This is alleged to have been the capital of Jongal Balahu." ( Page 19 ). ৰাজমোহন নাথে THE BACKGROUND OF ASSAMESE CULTURE ৰ পৰিশিষ্ট (1)ত দেৱ বংশৰ পঞ্চদশ ৰজাজনৰ নাম প্ৰতাপসিংহ ওৰফে মৃগাংক (1382-1407খ্ৰীঃ) আৰু তেঁওৰ পাচতেই আৰিমত্ত (1440-1480খ্ৰীঃ) আৰু বিংশতিতম ৰজা হিচাপে বীৰবাহু বা জোঙাল বলহু (1485-1500খ্ৰীঃ) বুলি উল্লেখ কৰিছে ।