ৰহা , ২১ডিচেম্বৰ :ৰহাত অহা তিনি জানুৱাৰীত অনুষ্ঠিত হ'ব জোঙাল বলহু দিৱস (Jongal Balahu Day Preparation in Roha) । এই দিসৰ বাবে ইতিমধ্য়ে ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে । তিৱা স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত তিৱা বীৰ ৰজাজনৰ ৰাজভেটি ৰহাৰ জোঙাল বলহু গড়ত এদিনীয়াকৈ উদযাপন কৰা হ'ব এই জোঙাল বলহু দিৱস (Tiwa Autonomous Council) । মঙলবাৰে এক সংবাদমেলত উক্ত কাৰ্যসূচীৰ বিষয়ে সদৰি কৰে উদযাপন সমিতিয়ে ।
১৪ লাখ টকা ব্যয়েৰে অনুষ্ঠিত হ'বলগীয়া এই দিৱসৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব । একেটা কাৰ্যসূচীতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া জোঙাল বলহু গড় আধুনিক পৰ্যটন ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব (Jongal Balahu Garh Modern Tourist Spot at Raha)। এই উপলক্ষে 'জোঙাল বলহু' নামেৰে এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হ'ব ।
উদযাপন সমিতিয়ে উল্লেখ কৰা মতে,এই দিৱসত ৰাজ্যৰ বিভিন্ন ঠাইত বসবাস কৰা তিৱাসকলৰ লগতে মেঘালয়ৰ তিৱাসকলেও অংশগ্ৰহণ কৰিব । ইপিনে,উক্ত সংবাদমেলতে তিৱা স্বায়ত্বশাসিত পৰিষদীয় ৩৬টা সমষ্টিতেই জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি সদৰি কৰে তিৱা জাতীয় নেতৃত্বই । তিৱা জাতীয় সংগঠনে তিনি জানুৱাৰীৰ দিনটো জোঙাল বলহু দিৱস হিচাপে চৰকাৰীভাৱে স্বীকৃতি দিবলৈ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে ।