অসম

assam

ETV Bharat / state

'ফ্ৰী লেন্সাৰ' আন্দোলনকাৰীক কেৰেপ নকৰে বিধায়ক জিতু গোস্বামীয়ে - বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী

যোৱা দুদিন ধৰি বঢ়মপুৰ সমষ্টিত প্ৰতিবাদ অব্যাহত থকা জাতীয় দল সংগঠনৰ বিৰুদ্ধে সৰৱ হৈছে বিধায়ক জিতু গোস্বামীয়ে ৷ মিকিৰ বামুণীৰ ৰায়তী কৃষকৰ ভূমিৰ অধিকাৰৰ সপক্ষত আন্দোলন চলাই অহা কেইবাটাও সংগঠনে বৃহস্পতিবাৰে জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

Jitu goswami comments on barhampur protest
প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সৰৱ জিতু গোস্বামী

By

Published : Aug 28, 2021, 8:21 PM IST

নগাঁও, 28 আগষ্ট :এইবাৰ জাতীয় সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী । মিকিৰ বামুণীৰ ৰায়তী কৃষকৰ ভূমিৰ অধিকাৰৰ সপক্ষত আন্দোলন চলাই অহা কেইবাটাও সংগঠনে বৃহস্পতিবাৰে জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

ইয়াৰ পিচতেই বঢ়মপুৰ সমষ্টিৰ একাংশ বিজেপি কৰ্মীয়ে শুকুৰবাৰে উৰিয়াগাঁও আৰু বামুণী তিনিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চি পি আই, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । প্ৰত্যুত্তৰত এই সংগঠন কেইটাৰ সদস্য সকলে বিধায়ক জিতু গোস্বামীৰ প্ৰতিকৃতি দাহ কৰিছিল ।

প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সৰৱ জিতু গোস্বামী

শনিবাৰে বিধায়ক গোস্বামীয়ে নিজা বাসভৱনত আয়োজিত এখন সংবাদমেলত এই সংগঠন কেইটাৰ নেতৃবৃন্দৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সংগঠন কেইটাৰ প্ৰতিনিধি সকলক সকিয়নী প্ৰদান কৰি বিধায়ক গৰাকীয়ে কয়, বঢ়মপুৰ সমষ্টিত সোমাই সহজ সৰল ৰাইজক প্ৰৰোচিত কৰি হকে বিহকে আন্দোলন নকৰিব ৷

লগতে পঢ়ক :জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

"২০-২২ জন মানুহ লৈ মোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে । মই যদি প্ৰতিবাদ কৰিবলৈ যাও বহু লোক মোৰ সমৰ্থনত ওলাব । তেতিয়া তেওঁলোক বিপদত পৰিব ।" সাংবাদমেলত এইদৰে মন্তব্য প্ৰকাশ কৰে বিধায় জিতু গোস্বামীয়ে ৷

ইয়াৰ লগতে বিধায়ক গোস্বামীয়ে কয়, বিধানসভাৰ মজিয়াত মই দিয়া বক্তব্যক বিকৃত কৰি সাধাৰণ লোক সকলৰ বিপথে পৰিচালিত কৰা হৈছে ৷ হাতীৰ উপদ্ৰৱত খেতি কৰিব নোৱাৰি ১৭-১৮ বছৰ চন-পৰা ভূমিত সৌৰ প্ৰকল্প স্থাপনৰে নিৱনুৱা সমস্যা সমাধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল ৷

এজিউৰ পাৱাৰ কোম্পানীয়ে স্থাপন কৰা সৌৰ প্ৰকল্পত বঢ়মপুৰৰ নিবনুৱা যুৱক সংস্থাপিত হোৱাৰ বাবে তেওঁলোকক আদৰণি জনোৱা হৈছিল । কিন্তু কোম্পানীটোৱে কৃষকৰ মাটি দখল কৰিছে বুলি সংগঠন কেইটাই যি অভিযোগ আনিছে, সেই বিষয়টোত বিধায়ক হিচাপে ক'বলগীয়া একো নাই বুলি সদৰি কৰে জিতুল গোস্বামীয়ে ৷

লগতে পঢ়ক :অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে: জাকিৰ হুছেইন শিকদাৰ

বিধায়ক হোৱা ৩ মাহ হৈছে আৰু এজিউৰ পাৱাৰ প্ৰতিষ্ঠান স্থাপন হোৱা ডেৰ বছৰ হৈছে বুলি মন্তব্য প্ৰকাশ কৰি বিধায়গৰীকায়ে কয়, কোম্পানীটোৱে যদি কৃষকৰ ভূমি অবৈধ ভাৱে লৈছে সেইয়া উচ্চ ন্যায়ালয়ৰ বিষয় ৷ মই জনাত কোম্পানীটোৱে কৃষকৰ ভূমি অবৈধভাবে লোৱা নাই ।

ইফালে ৰায়তী কৃষক সকলে কোম্পানীটোৰ পৰা ইতিমধ্যেই ক্ষতিপূৰণ লাভ কৰিছে । এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ পাচতে প্ৰতিবাদকাৰী সংগঠন কেইটাৰ নেতৃবৃন্দক 'ফ্ৰী লেন্সাৰ' আন্দোলনকাৰী বুলি কটাক্ষ কৰে জিতু গোস্বামীয়ে ৷

লগতে পঢ়ক :অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

ABOUT THE AUTHOR

...view details