অসম

assam

ETV Bharat / state

বঢ়মপুৰত জিতু গোস্বামীৰ বাইক ৰেলী

বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি জিতু গোস্বামীয়ে কামপুৰত উপস্থিত হোৱাৰ লগে লগে কামপুৰ কেন্দ্ৰীয় নামঘৰৰ প্ৰাঙ্গনত বিজেপি কৰ্মী, সমৰ্থকসকলে ফটকা ফুটাই উষ্ম আদৰণি জনাই গোস্বামীক । প্ৰয়াত লক্ষেশ্বৰ গোহাঁইৰ মৃত্যুৰ সুদীৰ্ঘ ৩৫ বছৰ পাছত স্থানীয় প্ৰাৰ্থী হিচাপে গোস্বামীয়ে প্ৰাৰ্থীত্ব পোৱাত উৎফুল্লিত হৈ পৰে বঢ়মপুৰ সমষ্টি বিজেপিৰ কৰ্মকর্তাসকল ।

বঢ়মপুৰ সমষ্টিত জিতু গোস্বামী বাইক ৰেলী
বঢ়মপুৰ সমষ্টিত জিতু গোস্বামী বাইক ৰেলী

By

Published : Mar 8, 2021, 3:58 PM IST

নগাঁও, ৮ মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দলসমূহৰ প্ৰায় কেইটা দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ঠায়ে ঠায়ে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে ৰেলী প্ৰদৰ্শন অব্যাহত আছে । বঢ়মপুৰ সমষ্টিতো ৰেলী প্ৰদৰ্শন বিজেপিৰ ।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ বাইক ৰেলী । বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি জিতু গোস্বামীয়ে কামপুৰত উপস্থিত হোৱাৰ লগে লগে কামপুৰ কেন্দ্ৰীয় নামঘৰৰ প্ৰাঙ্গনত বিজেপি কৰ্মী, সমৰ্থকসকলে ফটকা ফুটাই উষ্ম আদৰণি জনাই গোস্বামীক । প্ৰয়াত লক্ষেশ্বৰ গোহাঁইৰ মৃত্যুৰ সুদীৰ্ঘ ৩৫ বছৰ পাছত স্থানীয় প্ৰাৰ্থী হিচাপে গোস্বামীয়ে প্ৰাৰ্থীত্ব পোৱাত উৎফুল্লিত হৈ পৰে বঢ়মপুৰ সমষ্টি বিজেপিৰ কৰ্মকর্তাসকল ।

আনহাতে, উষ্ম আদৰণিৰ পিছতেই কামপুৰ চৰাইহাগীৰ পৰা ঐতিহ্যমণ্ডিত ৰত্নাৱলী থানত আশীষ লৈ পাঁচ শতাধিক বিজেপি সমৰ্থকক লগত লৈ এক বাইক ৰেলী বাহিৰ কৰে গোস্বামীয়ে । নিৰ্বাচনত জয়ী হ'লে বান পৰিস্থিতিৰ লগতে প্ৰথম পদক্ষেপ কি হ'ব বুলি সাংবাদিকে প্ৰাৰ্থী গৰাকীক প্ৰশ্ন কৰাত স্বাস্থ্য, শিক্ষা, বাট-পথ সুচল কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বানমুক্ত অসম গঢ়াৰ মূল লক্ষ্য বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ABOUT THE AUTHOR

...view details