নগাঁও,12 ফেব্ৰুৱাৰী : নগাঁৱত শুকুৰবাৰে বিভিন্নজনক সাক্ষাৎ কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰে কংগ্ৰেছে । কংগ্ৰেছৰ এই ব্যাপক প্ৰচাৰ অভিযানত ভাগ লয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙে ৷
উল্লেখ্য যে, কংগ্ৰেছে আৰম্ভ কৰা ‘অসম বচাও আঁহক’ শীৰ্ষক কাৰ্যসূচী নগাঁৱতো আৰম্ভ কৰা হয় । দূৰণিবটীয়া অঞ্চললৈ যাবলৈ বাছ যাত্ৰা আৰম্ভ কৰাৰ লগতে পদযাত্ৰা কৰি সাধাৰণ লোকক সাক্ষাৎ কংগ্ৰেছে ।
নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানত এজন মুচিৰ সৈতে বহি বাৰ্তালাপ কৰে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে । মুচিজনক জিতেন্দ্ৰ সিঙে সোধে যে, ‘‘আপোনাক এদিনৰ বাবে মুখ্যমন্ত্ৰী পদত বহুৱালে আপুনি অসমৰ কোনটো সমস্যা সমাধানত অগ্ৰাধিকাৰ দিব ? ইয়াৰ সমান্তৰালকৈ নগাঁও চহৰৰ জয়শ্ৰী হল চাৰিআলি, ডিমৰুগুৰিকে ধৰি চহৰখনৰ কেবাটাও স্থানৰ পথ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । আনহাতে, নগাঁৱত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহতো অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নেতৃবৰ্গই ।
কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙৰ সৈতে এই প্ৰচাৰ অভিযানত ভাগ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক :নগাঁৱত তিনিদিনীয়াকৈ আৰম্ভ ভাওনা সমাৰোহ