অসম

assam

ETV Bharat / state

জাপানীজ এনকেফেলাইটিছঃ নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা - নগাঁও

জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা। নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৭ জন আক্ৰান্ত হোৱাৰ লগতে 3 জনৰে মৃত্যু হৈছে । উচ্চপদস্থ বিষয়াই সদৰী কৰিলে তথ্য ।

নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা

By

Published : Jul 10, 2019, 4:33 PM IST

নগাঁও,10জুলাইঃ সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁৱতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যা । নগাঁৱত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ 3 জনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে চিকিৎসাধীন হৈ আছে 7 গৰাকীকৈ লোক । বুধবাৰে এই তথ্য সদৰী কৰে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মল্লিকা মেধিয়ে । বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক জৰুৰী সভাত অংশগ্ৰহণ কৰে আয়ুক্ত সচিব মল্লিকা মেধিয়ে ।

নগাঁৱত স্বাস্থ্য বিভাগৰ জৰুৰী সভা

এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীক তৎপৰ হৈ থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়ে আয়ুক্ত সচিবগৰাকীয়ে । লগতে চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত লোকৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰো নিৰ্দেশ দিয়ে । চিকিৎসাৰ ক্ষেত্ৰত কোনো গাফিলতিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে আয়ুক্ত সচিবগৰাকীয়ে।

ABOUT THE AUTHOR

...view details