বঢ়মপুৰৰ,16মেঃ লক ডাউনৰ সময়ছোবাত সকলোৱে গৃহবন্দী আৰক্ষীৰ বাধা নেওচি একাংশই উলংঘা কৰিছে লক ডাউন । কিন্ত ইয়াৰ মাজতো একাংই বিগত দুটা মাহে গৃহ বন্দী হৈ আছে এই গৃহ বন্দী সকলে বিভিন্ন কাম হাতত লৈ সময়বোৰ পাৰ কৰিছে নগাঁও কাৰ্বি আংলং সিমান্তৰ নাম তৰাডুবিৰ ছাত্ৰ কুনাল মেধিয়ে গৃহবন্দী সময় চোৱাত নিৰ্মান কৰি ওলিয়াইছে এখন জে চি বি ।
নগাঁও কাৰ্বি আংলঙত এজন ছাত্ৰৰ ঘৰতে নিৰ্মাণ জে চি বি - টুমপ্ৰেং উচ্চতৰ মাধ্যমিকৰ
অষ্টম শ্ৰেণীৰ ছাত্ৰই লক ডাউনৰ সময়তে ঘৰতে থাকি নিৰ্মাণ কৰিলে এখন জে চি বি ৷
![নগাঁও কাৰ্বি আংলঙত এজন ছাত্ৰৰ ঘৰতে নিৰ্মাণ জে চি বি _BARHAMPUR_801_16MAY_BARHAMPUR_JCB NIRMAN_VISUAL&BYTE_MADHAB CH.BHUYAN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7222220-286-7222220-1589630367083.jpg)
উল্লেখযোগ্য যে ঘৰৰ সন্মুনত নিৰ্মান কৰি থকা মাউৰিটোত এখন জে চি বিয়ে মাটি খান্দি থকা সদায় লক্ষ্য কৰি থাকে ৷ টুমপ্ৰেং উচ্চতৰ মাধ্যমিকৰ অষ্টম শ্ৰেনীৰ ছাত্ৰ কুনাল মেধিয়ে সেয়ে এইবাৰ এখন জে চি বি নিৰ্মান কৰিব মন গল ছাত্ৰজনৰ । ডেৰ মাহ দিন নেৰা নেপেৰা প্ৰচেষ্টাৰ অন্তত নিৰ্মান কৰি উলিয়ালে জে চি বি খন ৷ ইফালে বৰ পুত্ৰ কুনালক ভৱিষ্যতে এজন অভিযন্ত্ৰা হোৱাৰ সপোন পুহি ৰখিছে শিক্ষক হিতেশ্বৰ মেধিয়ে মেধাৱী ছাত্ৰ জনক আগুৱাই নিবৰ বাাবে সকলোৰে সহায় সহযোগ কামণা কৰিছে পিতৃ হিতেশ্বৰ মেধিয়ে ।
লগতে পঢ়কঃ বটদ্ৰৱাত অবৈধ কয়লাৰ চোৰাং বেহাৰ গুৰুতৰ অভিযোগ