অসম

assam

ETV Bharat / state

ধিঙত জাপানীজ এনকেফেলাইটিজৰ সন্ত্ৰাস

ৰাইজৰ অভিযোগ যে, ধিং পৌৰ সভাৰ অধীনস্থ নলা নদৰ্মা সমূহৰ পৰা পানী নিষ্কাষণৰ কোনো ব্যৱস্থা নথকাৰ বাবেই এই ৰোগৰ প্ৰাৰ্দুভাব হৈছে ।

ধিঙত জাপানীজ এনকেফেলাইটিজৰ সন্ত্ৰাস

By

Published : Jul 3, 2019, 11:59 AM IST

বটদ্ৰৱা , ৩ জুলাই :ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে নগাঁৱৰ ধিঙতো জাপানীজ এনকেফেলাইটিজৰ আতংকই দেখা দিছে । মঙলবাৰে নগাঁৱত চিকিৎসাধীন অৱস্থাত এগৰাকী মহিলাৰ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

ধিঙত জাপানীজ এনকেফেলাইটিজৰ সন্ত্ৰাস

মৃত মহিলা গৰাকী ধিঙৰ লাকলঙীয়া গাঁৱৰ বিনা বৰা । ইতিমধ্যে গাঁওখনৰ কেইবাজনো লোক জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈছে । ইপিনে একে গাৱঁৰে মুলানী বৰা নামৰ আন এগৰাকী মহিলাও বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । তাৰোপৰি ধিঙৰ বিভিন্ন অঞ্চলৰ বহু লোক জ্বৰত আক্ৰান্ত হৈছে । ৰাইজৰ সন্দেহ অনুসৰি, এই সকল লোকো জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হবলৈ আৰম্ভ কৰিছে । স্বাস্থ্য বিভাগে যদি সঠিক সময়ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । ইফালে প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে নগাঁও স্বাস্থ্য বিভাগে এই অঞ্চল সমূহত কোনো ধৰণৰ প্ৰতিষেধক মূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ৰাইজৰ অভিযোগ যে ধিং পৌৰ সভাৰ অধীনস্থ নলা নদৰ্মা সমূহৰ পৰা পানী নিষ্কাষণৰ কোনো ব্যৱস্থা নথকাৰ বাবেই এই ৰোগৰ প্ৰাৰ্দুভাব বাঢ়িব ধৰিছে ।

ABOUT THE AUTHOR

...view details