কলিয়াবৰ, 1 আগষ্ট :সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ (NAGAON DISTRICT) কলিয়াবৰতো জল জীৱন (JALJIBAN MISSION) আঁচনিৰ শুভাৰম্ভ হোৱা দেখা গৈছে ৷ জল জীৱন মিছন আঁচনিৰ অধীনত নলযোগে খোৱাপানী ৰাইজে ঘৰতে পাব পৰাকৈ শনিবাৰে কলিয়াবৰত (KALIABOR) তিনিটাকৈ আঁচনিৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে । কলিয়াবৰৰ বিহদুবিৰ ২৫৭, ধনেখোৱাৰ ২৯৭ আৰু দেৱসত্ৰৰ ৩০১ টা পৰিয়ালে এই আঁচনিৰ জৰিয়তে ঘৰতে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হ'ব ।
কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (KALIABOR PUBLIC HEALTH DEPARTMENT) অধীনৰ ৭ টাকৈ স্থানত এই আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল ৷ ইয়াৰে তিনিটা পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ হোৱাত ৰাইজে ঘৰতে নলীৰ সংযোগ কৰি বিশুদ্ধ খোৱাপানী পাব পৰাকৈ প্ৰথম পৰ্যায়ত এই তিনিটা আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । এই অনুষ্ঠানত কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি তথা বিষয়ববীয়া আৰু অঞ্চলটোৰ বহু ব্যক্তি উপস্থিত থাকে ।
বিগত 9 জুলাইতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জল জীৱন মিছনৰ (jal jiban mission) সৈতে জড়িত বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PUBLIC HEALTH DEPARTMENT) কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে এক সভাত মিলিত হয় । সভাত মিছনৰ অধীনত জিলাসমূহত চলি থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । গুৱাহাটীৰ বশিষ্ঠস্থিত বিভাগীয় কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মন্ত্ৰী দাসে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে জিলাসমূহত জলজীৱন মিছনৰ (jal jiban mission) অধীনত ৰূপায়িত হৈ থকা প্ৰকল্প তথা আঁচনিসমূহৰ কাম-কাজৰ বিষয়ে বিতংভাৱে বুজ লয় ।