কলিয়াবৰ,10 ডিচেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন পৰিণত হৈছে প্ৰহসনত । ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰতিশ্ৰুতি চৰকাৰে প্ৰদান কৰিছিল যদিও অধিকাংশ লোক বঞ্চিত হৈছে খোৱাপানী লাভৰ পৰা । অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰা হৈছে জল জীৱন মিছনৰ পাইপ(Jal jivan Abhiyan) । জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী লাভ কৰিব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ।
চৰকাৰখনে জল জীৱন মিছনৰ সফলতাৰ ঢাক-ঢোল বজাই থকাৰ সময়তে আচঁনিখনৰ বিপৰীত ৰূপ এটা প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে ৷ জনস্বাস্থ্য কৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ গাঁওসমূহত ঘৰে-ঘৰে পানী যোগানৰ নামত কোটি-কোটি চৰকাৰী ধনৰ শৰাধ চলিছে ৷ তাৰেই এক জলন্ত ৰূপ হ'ল কুঁৱৰীটোল পানী যোগান আঁচনি (Jal Jeevan Mission at Kaliabor)।
৮৭ লাখটকীয়া পানী যোগান আঁচনিখনৰ ফুটা টেংকিৰে পৰি থকা পানীয়েই প্ৰমাণ কৰে বিভাগ আৰু ঠিকাদাৰৰ কাৰ্যৰ নমুনা । তাকো এয়া কাণ্ড ঘটিছে খোদ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিত । ফলস্বৰূপে এই আঁচনিৰ অন্তৰ্গত হিতাধিকাৰী সকলে দিন দিন ধৰি বঞ্চিত হৈ আহিছে খোৱা পানী লাভৰ পৰা । বিভাগীয় হেমাহীৰ বাবে গোমোঠা গাঁও, বগাজন সত্ৰ, মাধৱ গাঁও, বিহিমপুৰ সত্ৰ, কুঁৱৰীটোল চাৰিআলিকে ধৰি এক বৃহৎ অঞ্চলৰ লোকে জল জীৱন মিছনৰ পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ।