নগাঁও, 28 জুন: কোভিড-19 ৰোগীক কেন্দ্ৰ কৰি জখলাবন্ধা চিকিৎসালয়ত উত্তেজনা ৷ কোভিড-19 সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ উৰ্দ্ধতম কৰ্তৃপক্ষৰ ৷ এশ শতাংশ পৰিস্কৰণৰ পাছত মঙলবাৰৰ পৰাহে জখলাবন্ধা চিকিৎসালয়ত পুনৰ আৰম্ভ হ'ব চিকিৎসা সেৱা ৷ জিলা প্ৰশাসনে জনাইছে এই কথা ৷ উল্লেখ্য যে, চিকিৎসালয় খনত চিকিৎসাধীন হৈ ঘৰলৈ উভতি যোৱা ধুতিৰাম মুণ্ডা নামৰ এজন লোকৰ দেহত কোভিড-19 ৰ অৱস্থিতি ধৰা পাছতে চিকিৎসালয় খনত কৰ্মৰত চিকিৎসক, চিকিৎসা কৰ্মী সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ কাৰণ উক্ত ধুতিৰাম মুণ্ডাৰ প্ৰতক্ষ সংস্পৰ্শলৈ আহিছিল চিকিৎসক আৰু চিকিৎসা কৰ্মী সকল ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসালয় খনৰ চিকিৎসক, চিকিৎসা কৰ্মীৰ স্বাৱ পৰীক্ষা কৰি হ'ম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে ৷
উল্লেখ্য যে, যোৱা 25 জুন বৃহস্পতিবাৰে জ্বৰ আৰু পায়খানাত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়লৈ আহিছিল নিজৰিৰ ধুতিৰাম মুণ্ডা ৷ চিকিৎসা সেৱা গ্ৰহণ কৰি শনিবাৰে ঘৰলৈ উভতাৰ পিছতে শনিবাৰেই লোক জনৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টত ধৰা পৰে কোডিড-19 পজিটিভ ৷ যোৱা 20 জুন তাৰিখে বহিঃ ৰাজ্যৰ পৰা আহি স্বাৱ পৰীক্ষা কৰিবলৈ দিছিল যদিও ধুতিৰামে এই বিষয়ে চিকিৎসকক অৱগত কৰা নাছিল । যাৰ বাবে ধুতিৰামৰ পোণপটীয়াকৈ সংস্পৰ্শলৈ অহা চিকিৎসক-চিকিৎসাকৰ্মী সহ চিকিৎসালয়ৰ আন সকলোৰে কোভিড-19 পৰীক্ষাৰ বাবে দেওবাৰে স্বাৱ সংগ্ৰহ কৰা হয় ৷