জখলাবন্ধা, 27 মাৰ্চঃ শুকুৰবাৰে জখলাবন্ধা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক মাস্ক প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ জখলাবন্ধা এফআৰইউ চিকিৎসালয়ৰ সমুহ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে আজি মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰে, কৰ'ণা প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰদান কৰা এক লাখ টকাৰ এখন চেক ৷
আৰোগ্য নিধিলৈ এক লাখ টকা প্ৰদান জখলাবন্ধা এফআৰইউৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ - জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
কৰ'ণা প্ৰতিৰোধৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতা ৷ শুকুৰবাৰে জখলাবন্ধা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক মাস্ক প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰদান কৰা এক লাখ টকাৰ এখন চেক আজি মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰে জখলাবন্ধা এফআৰইউৰ সমূহ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে ৷
আনহাতে কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন ৷ নগাঁও জিলাৰ লগতে শোণিতপুৰ জিলাৰো দয়িত্বত থকা মন্ত্ৰীগৰাকীয়ে পুৱা তেজপুৰত মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্যৱস্থাসমূহৰ বুজ লোৱাৰ পিচত,কলিয়াবৰলৈ আহি পুনৰ ব্যস্ত হৈ পৰে কৰ'ণা প্ৰতিৰোধী ব্যৱস্থা তদাৰকত ৷ ইতিমধ্যে কলিয়াবৰ ৰাজহ চক্ৰৰ উলুৱনী আৰু মোৱামাৰীৰ চিকিৎসালয় দুখনক কৰ'ণা ভাইৰাছৰ বাবে বিশেষভাৱে গঢ়ি তোলা হৈছে,য'ত আইচলেশ্যনৰ ব্যৱস্থাও কৰা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ লগত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ আৰু মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস উপস্থিত থাকে ।
লগতে পঢ়কঃচৰকাৰৰ সিদ্ধান্তক আদৰণি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ