অসম

assam

ETV Bharat / state

গণশিল্পী সূৰ্য দাসলৈ সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা - gandhar

সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটাৰে সন্মানিত কৰা হ'ল বিশিষ্ট শিল্পী সূৰ্য দাসক । শুকুৰবাৰে নগাঁৱৰ আমোলাপট্টিস্থিত নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে এখন ফুলাম গামোচা, চেলেং, শৰাই, সম্বৰ্ধনা পত্ৰ, জাপি আৰু গ্ৰন্থৰ টোপোলা ।

Jagya Bezbaruah award to Surya Das
বিশিষ্ট শিল্পী সূৰ্য দাসক সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা প্ৰদান

By

Published : Oct 23, 2021, 6:18 PM IST

নগাঁও, ২৩ অক্টোবৰ: "আমি বাটৰুৱা শিল্পী, আমি টলৌগুটি শিল্পী নহয় । আমি মানুহৰ দুখ, সুখ গীতৰে প্ৰকাশ কৰো । আমাৰ অহংকাৰ নাছিল । সেয়ে আমাক কোনেও হৰুৱাব নোৱাৰে ।"

শুকুৰবাৰে নগাঁৱত সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে গণশিল্পী সূৰ্য দাসে । অনন্য অৱদানেৰে অসমৰ সংগীত জগত উদ্বুদ্ধ কৰি ৰখা বিশিষ্ট শিল্পীগৰাকীলৈ আগবঢ়োৱা এই বঁটাত আছে এখন ফুলাম গামোচা, চেলেং, শৰাই, সম্বৰ্ধনা পত্ৰ, জাপি আৰু গ্ৰন্থৰ টোপোলা । নগাঁও চহৰৰ আমোলাপট্টিস্থিত নাট্য মন্দিৰত শুকুৰবাৰে আয়োজিত এক অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয় ।

সূৰ্য দাসে কয় যে, 'মই বহু বঁটা লাভ কৰিছো । কিন্তু নগঞা বঁটা বহু ওপৰত । নগঞা বঁটাৰ মাদকতা আছে । মই লুইতৰ পাৰত কৰ্মসূত্ৰে থাকিলেও মই কলংপৰীয়া ।'

উল্লেখযোগ্য যে, 'গান্ধাৰ' নামৰ অনুষ্ঠানটোৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত প্ৰথমে বিশিষ্ট শিল্পী যজ্ঞ বেজবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত বেজবৰুৱাৰ সহধৰ্মিনী মিনতি বেজবৰুৱাই । ইয়াৰ পিছতে মঞ্চ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথে । অনুষ্ঠানটোত সুৰৰত্ন যজ্ঞ বেজবৰুৱা ৰচিত কবিতা আবৃত্তি কৰে লক্ষীপ্ৰভা কলিতাই । সমবেত সংগীত পৰিৱেশন কৰে 'গান্ধাৰ'ৰ শিল্পীসকলে ।

অনুষ্ঠানটিত ৰূপজ্যোতি বৰাৰ পৰিচালনাত নৃত্য প্ৰদৰ্শন কৰে ক্যাটিনা কাশ্যপ, আস্থা বৰা, নয়ন নন্দিনী, ময়ূৰী কেওট, দেৱীস্মৃতা বৰা, নিশিতা ফুকন আৰু শ্যামন্তিকা ভড়ালীয়ে । অনুষ্ঠানত সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মাৰক গ্ৰন্থ 'তোমাৰ ছবি আঁকো' উন্মোচন কৰে গীতিকাৰ, সু সাহিত্যিক ডঃ দীনেশ বৈশ্যই । শিল্পী তথা সাহিত্যিক ডঃ ৰাণু বৈশ্যয়ো অনুষ্ঠানটিত উপস্থিত থাকে ।

আৰাধ্যা শইকীয়াই গীত পৰিৱেশন কৰাৰ লগতে নিশা অনুষ্ঠিত গীতৰ অনুষ্ঠানত শিল্পী আৰিফুল হক, দীপশিখা বৰদলৈ, নিলাক্ষী চাংকাকতি, নিলোৎপল গায়ন, টুটুমনি বৰা, ৰিমলী শৰ্মা বৰা, মৃগেন দাস, প্ৰণতি বৰুৱা, মনদ্বীপ মহন্ত, পল্লৱী শৰ্মা, জুৰিমনি বৰা, সন্তোষ কলিতা, চন্দনা বেজবৰুৱা, দুলুমনি শইকীয়াই গীত পৰিৱেশন কৰে । লগতে শিশু শিল্পী ঝিণি পৰিণেও গীত পৰিৱেশন কৰে । এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট সমাজকৰ্মী মুকুট চন্দ্ৰ ভূঞা, বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, শিল্পী দীগেন মহন্ত, তাৰিণী শৰ্মা আদিকো সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:মুগা পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ এদল শিক্ষিত যুৱক

ABOUT THE AUTHOR

...view details