ৰহা,১১ মাৰ্চ :"গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিহত কৰাৰ বাবে লক ডাউনৰ দৰে কাৰ্যসূচী সমগ্ৰ বিশ্বই গ্ৰহণ কৰা উচিত ।" এই মন্তব্য অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ (Forest man of India)। ৰহাস্থিত মীন মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে যাদৱ পায়েঙে । প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে আগুৱাই আহিবলৈও আহ্বান জনাই প্ৰকৃতি প্ৰেমীগৰাকীয়ে ।
উল্লেখ্য যে মীন মহাবিদ্যালয়ত শুকুবাৰৰ পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত হৈছে জলজ জৈৱ বৈচিত্ৰৰ জৰীপ আৰু ইয়াৰ সংৰক্ষণ (Mapping of Aquatic Biodiversity and it's Conservation) শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচীৰ । প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰি অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে গোটেই বিশ্বক সাত দিনৰ বাবে ক্ৰমশ: বৰ্ধিত গোলকীয় উষ্ণতাক প্ৰতিহত কৰাৰ বাবে লকডাউনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায় (Jadav Payeng at Raha Fishery college)।
প্ৰকৃতি সংৰক্ষণ তথা গোলকীয় উষ্ণতা বৃদ্ধিক (Global warming) বাধা দিয়াৰ বাবে বৰ্তমান সময়ত লক ডাউন আৰু নিয়মীয়াকৈ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি এই পৃথিৱীক চিৰ সেউজীয়া কৰি ৰাখিবলৈ অৰণ্য মানৱ পায়েঙে সকলোকে আহ্বান জনায় (Jadav Payeng urges people to protect nature)। অসমৰ দৰে জৈৱ বৈচিত্ৰ ভাৰতৰ কতো দেখিবলৈ পোৱা নাযায় বুলিও মন্তব্য কৰে আৰু আয়ুৰ্বেদিক ঔষধিৰে ভৰা চিৰ সেউজীয়া অসমখনক এনেদৰেই ৰাখিবলৈ সকলোকে তেওঁ আহ্বান জনায় ।