অসম

assam

ETV Bharat / state

জল জীৱন মিছনে ঢুকি নাপালে বঢ়মপুৰ সমষ্টিৰ বহু অঞ্চল - বিশুদ্ধ খোৱা পানী

স্বাধীনতা 72 বছৰ পিছতো এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে বঢ়মপুৰ সমষ্টিবাসীয়ে । নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী শুকানজুৰি, তপতজুৰি, মিকিৰ বামুণী, হায়াংথল আদি অঞ্চলৰ পাঁচ সহশ্ৰাধিক লোকে দীৰ্ঘদিন ধৰি এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কথাই ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোঁপোলা স্বৰূপটো উন্মোচিত কৰিছে ।

issue created for pure drinking water at barhampur
এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ

By

Published : Jun 25, 2021, 11:01 PM IST

চামগুৰি, 25 জুন :স্বাধীনতাৰ ৭২ বছৰ পিছতো এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বঢ়মপুৰ সমষ্টিবাসীয়ে ৷ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী শুকানজুৰি, তপতজুৰি, মিকিৰ বামুণী, হায়াংথল আদি অঞ্চলৰ পাঁচ সহশ্ৰাধিক লোকে দীৰ্ঘদিন ধৰি এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া কথাই ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোপোলা স্বৰূপটো উদঙাইছে ৷ উল্লেখিত অঞ্চল সমূহৰ ৰাইজে নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবেই বিশুদ্ধ খোৱা পানীৰ কথাটো বাদেই আনকি গা-ধোৱা,কাপোৰ -ধোৱা,বাচন-বৰ্তন ধোৱা আদি বিভিন্ন কামৰ‌ বাবেও প্ৰয়োজনীয় পানীৰ বাবে বাট কুৰি বাই বহু দূৰলৈ যাবলগীয়া হৈছে ।

এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ

মিকিৰ বামুণী গাঁও, হায়ংথল আদি অঞ্চলৰ ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক এই অঞ্চল সমূহত পানী যোগান আঁচনি স্থাপনৰ বাবে আবেদন জনাই এখন পত্ৰ প্ৰদান কৰে । পত্ৰত উল্লেখিত অনুসৰি মিকিৰ-বামুণী,হায়েংথল এই বিস্তৃৰ্ণ পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চল নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত । অসমৰ বহুকেইটা জাতি-জনগোষ্ঠী মিলি প্ৰায় হাজাৰৰো অধিক পৰিয়াল এই অঞ্চলত বাস কৰে । কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে যুগ যুগ ধৰি বিস্তৃৰ্ণ অঞ্চলৰ গঞা ৰাইজে চামগুৰি মাটি কুঁৱা, জান-জুৰি খাল-ডোঙৰ পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে ।

অপৰিশোধিত পানী সেৱনৰ ফলত গঞা ৰাইজৰ স্বাস্থ্যৰ প্ৰতি চূড়ান্ত ভাবুকি আহিছে । ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অভিলাষী আঁচনি"জল জীৱন মিছন"ৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানী পাব বুলি প্ৰতিশ্ৰুতি দিছে । তেনে অৱস্থাত এই অঞ্চল সমূহৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক । শুকুৰবাৰে কাৰ্যবাহী অভিযন্তাক বৃহত্তৰ তপতজুৰি, মিকিৰ বামুনি, হায়েংথল, শিলফঁটা অঞ্চলৰ ৰাইজৰ হৈ লক্ষীৰাম মাৰদী, চিকাৰী ৰংপি, প্ৰাগজ্যোতিশ বনিয়া, চন্দন ফুকন আৰু মনোজ সিংহ ৰাজাই স্মাৰক পত্ৰ প্ৰদান কৰে ।

এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ

তেওঁলোকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে এই অঞ্চল কেইটাৰ ৰাইজে এটুপি পানী আনিবলৈ বাট কুৰি বাই যাব লগীয়া হৈছে প্ৰায় ডেৰ-দুই কিলোমিটাৰ পৰ্যন্ত দূৰলৈ । প্ৰতিদিনে পুৱা আৰু আবেলি অঞ্চলটোৰ পুৰুষ-মহিলা সকলে নিজৰ কান্ধত,মূৰত অথবা ঠেলাগাড়ী, চাইকেলেৰে লোটা, কলহ, প্লাষ্টিকৰ ড্ৰাম আদি কঢ়িয়াই লৈ যায় ডেৰ-দুই কিলোমিটাৰ নিলগত শুকানজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা মাটিৰ কুঁৱা আৰু জুৰিলৈ । তাৰোপৰি আন একাংশ লোকে লোটা,কলহ,ড্ৰাম আদি লৈ নিলগৰ জুৰিৰ পৰা নিত্য ব্যৱহাৰ্য পানীখিনি সংগ্ৰহ কৰিবলগীয়া হৈছে । আন একাংশ লোকে ঘৰৰ চৌহদতে খান্দি লোৱা মাটি কুঁৱাৰ দূষিত পানীকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে ।

অৱশ্যে অঞ্চলটোত আহোম গাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি নামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি আছে যদিও প্ৰয়োজনীয় তত্বাৱধান আৰু মেৰামতিৰ অভাৱত এই আঁচনি খনো বহু দিন ধৰি বিকল হৈ আছে ৷ স্থানীয় ৰাইজৰ বহু আবেদন-নিবেদনৰ পাছতো নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে আজিকোপতি পানী যোগান আঁচনিখন মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিজুৰি আৰু বামুণী দুখনকৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণী শুকানজুৰি অঞ্চলবাসীয়ে অঞ্চলটোৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাটোৰ বিষয়ে সমষ্টিটোৰ তেতিয়াৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বহুবাৰ অৱগত কৰি আবেদন নিবেদন কৰিছিল যদিও কোনো সুফল নাপালে ।

উল্লেখ্য যে, বৰ্তমান বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি উপলব্ধ হৈছে যদিও বহু ঠাইৰ লোকে বৰ্তমানো লাভ কৰা নাই ন্যূনতম সুবিধা ৷ গতিকে বৰ্তমান এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:চেলেঙত ক্ষুদ্ৰ চাহ খেতিয়কক ভাবুকি নগা দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details