অসম

assam

ETV Bharat / state

কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি: সু-সংহত হৈ আছেনে ? - farmer

বিদ্যুৎ বিভাগৰ ৰোষত পৰিব নেকি এচিয়াৰ দ্বিতীয় সৰ্ববৃহৎ উত্তোলিত জলসিঞ্চন প্ৰকল্প? কলিয়াবৰস্থিত প্ৰকল্পটোৰ অনাদায়ী বিদ্যুৎ মাচুল ১৫,৯৫,৭৩৩ টকা ৷ তাৰোপৰি বিভাগীয় হেমাহিৰ বাবে চাৰি বছৰেও নিৰ্মাণ নহ'ল বানত ক্ষতিগ্ৰস্ত জলসিঞ্চনৰ নলা ৷ এফালে যদি ক্ষতিগ্ৰস্ত জলসিঞ্চনৰ নলা মেৰামতি হোৱা নাই ৷ আনফালে তদাৰকৰ অভাৱত পানীয়ে খহাই নিলে জলসিঞ্চনৰ নলা ৷

Irrigation Scheme at Kaliabor
কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি: সু-সংহত হৈ আছেনে ?

By

Published : Jul 6, 2021, 7:35 PM IST

Updated : Jul 6, 2021, 8:27 PM IST

কলিয়াবৰ,6 জুলাই: পৰ্যাপ্ত বৰষুণৰ অভাৱত বিপাঙত পৰিছে কলিয়াবৰৰ খেতিয়ক । পানীৰ অভাৱত ভৰ বাৰিষাও ভূঁই ৰুব পৰা নাই কলিয়াবৰৰ কৃষকে । এছিয়াৰ দ্বিতীয় বৃহৎ জলসিঞ্চন প্ৰকল্প এতিয়া হৈ পৰিছে ভালুকৰ সাঙী ।

কলিয়াবৰৰ বৃহত্তৰ অঞ্চলক সাঙুৰি ১৯৭৩ চনতে নিৰ্মিত হৈছিল হাতীমূৰাৰ কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ ৷ এই আঁচনিক লৈ বহু আশা কৰিছিল কৃষক ৰাইজে ৷ কিন্তু এই আঁচনিৰ নামত অভিলাষী জলসিঞ্চন প্ৰকল্পই আৰম্ভণীৰে পৰা আশা কৰা ধৰণে স্থানীয় কৃষক ৰাইজক লাভান্বিত কৰা দেখা নগ'ল ।

আগষ্ট মাহৰ কলঙৰ সংহাৰী বানৰ পৰা ৰক্ষা পাবলৈ জলসিঞ্চনৰ নলা কেইবা ঠাইতো কাটি দিয়া হৈছিল ৷ কিন্তু চাৰি বছৰ পাৰ হোৱাৰ পাছতো বিভাগটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে মেৰামতি ‌।

কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি: সু-সংহত হৈ আছেনে ?

তাৰ বিপৰীতে মাধতাৰী কিচামতৰ বাসুদেৱবাৰী গাঁৱৰ কৃষি ভূমিৰ মাজত থকা নলাৰ কাটি দিয়া বহল অংশটোৰ মুখতে নলাটো বন্ধ কৰি সিংহ ভাগ কৃষকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে । কেৱল বৰষুণৰ অপেক্ষাতে ৰ'বলগীয়া হৈছে কৃষক । কিন্তু এতিয়ালৈকে পৰ্যাপ্ত বৰষুণ নোহোৱাৰ লগতে ৰাজ্যৰ কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগটোৰ চৰম অৱহেলাৰ বাবেই পানীৰ অভাৱত কৃষকে এইবাৰো ভঁৰাল উদঙে ৰোৱাৰ শংকাত ভুগিছে ।

আনহাতে, কিছুদিন পূৰ্বে মিৰিভেটিৰ পৰা সোণাৰী-কামাখ্যা গাঁৱলৈ যোৱা জলসিঞ্চনৰ নলা চিঙি সোণাৰী গাঁৱৰ খেতি-পথাৰৰ গজি উঠা কঠীয়াৰো ক্ষতিসাধন কৰিছিল । প্ৰকৃততে জলসিঞ্চনৰ নলাসমূহ যিদৰে হাবি-জংঘল কাটি পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ সেই ধৰণে নৰখাৰ ফলত এনে ঘটনা হৈছে বুলি সোণাৰী গাঁওবাসীয়ে জানিবলৈ দিয়ে ।

তদুপৰি যি স্থানত নলাটো চিঙিছে তাৰ কাষতে নলাটোৰ ওপৰেদি যোৱা নৱ-নিৰ্মিত পথত দলঙৰ বিপৰীতে মাত্ৰ এটা কালভাৰ্ট দিয়াৰ ফলত উপযুক্ত পৰিমাণৰ পানী পাৰ হ'ব নোৱাৰাটোও নলাটো চিঙি যোৱাৰ অন্যতম কাৰণ বুলি অভিযোগ কৰে গাঁওবাসীয়ে । উল্লেখযোগ্য যে, কৃষক ৰাইজৰ সুবিধাৰ্থে নগাঁও চহৰৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ নিলগৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাতীমূৰা পাহাৰৰ কাষেদি পাৰ হৈ যোৱা ব্ৰক্ষপুত্ৰ নদীৰ পাৰত ১৯৭২ চনতে স্থাপিত কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ পৰা কলিয়াবৰ ৰাজহ চক্ৰৰ চতিয়াল, পূৱথৰীয়া আৰু বৰভগীয়া মৌজাৰ কৃষকসকলে কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে । তিনিওটা মৌজাৰ মুঠ ১১,৭০১ হেজাৰ হেক্টৰ কৃষিভূমি আৰু ৮,৫৮৩ হেজাৰ হেক্টৰ ভূমি সামৰি জলসিঞ্চনৰ বাবে প্ৰায় ৯২ কিলোমিটাৰ নলা নিৰ্মাণ কৰি ইয়াৰ জৰিয়তে হেজাৰ হেজাৰ কৃষকৰ আবাদী কৃষিভূমি নষ্ট কৰি কৃষকক ভূমিহীন কৰাৰ বাহিৰে সাফল্যৰ খটিয়ান স্বয়ং বিভাগটোৰ হাততেই শূণ্য ।

আনহাতে, কলিয়াবৰত যি কেইটা চৰকাৰী বিভাগে বিদ্যুৎ বিল পৰিশোধ নকাৰাকৈ আছে ৷ তাৰ ভিতৰত জলসিঞ্চন বিভাগৰ অনাদায়ী বিদ্যুৎ মাচুলৰ পৰিমাণ ১৫,৯৫,৭৩৩ টকা, যিটো সৰ্বাধিক । এনে প্ৰেক্ষাপটত যিকোনো মূহুৰ্তত বিদ্যুৎ বিভাগৰ ৰোষত পৰি বিদ্যুৎহীন হ’ব পাৰে কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনিখন ৷

লগতে পঢ়ক:কচু খেতিৰে পৰিয়াল পোহপাল দিছে এখন গাঁৱৰ কৃষকে

Last Updated : Jul 6, 2021, 8:27 PM IST

ABOUT THE AUTHOR

...view details